পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

 খােজা নাছিলাে। মই কৈছাে পানী অতি লুণীয়া। শৰীৰত ঢালিলে বাহিৰৰ মল ঘঁহি দিলে যাবই। কিন্তু আমাৰ ভিতৰৰ মল কেতিয়াও কাহানিও নাযায়।

 প্রত্যেক মানুহে ভুল কৰাটো স্বাভাৱিক। কিন্তু ভুলটোক ভুল বুলি জানি মহান লােকে শুধৰাই লয়। আমাৰ ভিতৰত ঋষিতুল্য তােক গােস্বামীয়ে এই সাধাৰণ কথাটোক লৈ যি বাক্যবাণ প্রয়ােগ কৰিলে অন্য মানুহে শুনিলে বৰ লাজৰ কথা হ’ব। ‘বাৰু বৈশ্য বৰ বুধিয়ক, তেওঁ ভুল হােৱা বুলি ক্ষমা মাগিলে, ময়াে দোষ স্বীকাৰ কৰিলোঁ, অশালীন শব্দ মােৰ মুখৰ পৰা ওলাব নালাগিছিল— ওলাল। বাক্ সংযম মানুহৰ ভূষণ।’

 শব্দৰ স্পষ্টতাই মানুহক দেৱতাৰ শাৰীলৈ তােলে। শব্দৰ অস্পষ্টতাই ভয়-শংকা, সন্দেহে মানুহক পিশাচ অসাধু কৰে।

আমাৰ দলৰ বৈশ্যক পাতিছিলাে ধন ভড়ালী। বৈশ্যই ক'লে, পইচা কিন্তু কমি আহিছে। কি বুদ্ধি সাঁজিব লাগিব দায়িত্ব দিয়ে মােক? নাটকৰ আগ্রহ আৰু অভিনয় কৰি ভাল পাওঁ।

 আমাৰ প্ৰভু (আমি গােস্বামীক মতা শব্দ) - এইখিনিতে এটা কথা উল্লেখ কৰি ৰাখো যাতে পঢ়ুৱৈ বুজাত ভুল নহয়। আমি তিনিওৰে পৰস্পৰৰ মাজত আমি বিশেষকৈ শ্রদ্ধেয় গােস্বামীৰ ক্ষেত্ৰত তুচ্চাৰ্থত ব্যৱহাৰ কৰোঁ। কিন্তু মানুহৰ সন্মুখত আমি ঈশ্বৰ জ্ঞান কৰি দেখুৱাওঁ। বৈশ্য আৰু মােৰ ক্ষেত্ৰত আমি আমাৰ শিষ্টাচাৰত দুখীয়া হােৱা নাই। কোনাে দিন সাধাৰণ দাঁতে-ওঁঠেও লগা মনত নপৰে।

 আমাৰ গােস্বামী প্রভুক ৰামেশ্বৰমত কিনা ৰুদ্রাক্ষৰ লম্বা মালা গলত পৰিধান কৰিব দিলোঁ। সিদিনাৰ সেন্দুৰৰ ফোঁট বৰ বহল আৰু লম্বাকৈ সজাই ‘মাদ্ৰাজৰ মেৰিণ ড্রাইভ’ৰ মানুহৰ সততে ভিৰ লগা ঠাইত বহাই দিলাে জ্যেতিষীৰ ভাওত। প্রথমে বৈশ্য আৰু মই টকা দি হাত দেখুৱাও। লাহে লাহে ভিৰ আৰম্ভ হ’ল। পােন্ধৰ-বিশ টকা উঠিল। হিন্দী কোৱাত গােস্বামী দেৱৰ খােকোজা লগা যেন পালে মই যিমানখিনি পাৰাে সহায় কৰি দিওঁ। ইতিমধ্যে আশী টকা মান হ’ল। উঠাৰ বা সামৰণি মৰাৰ আগতে এজন ভদ্রলােক কাষ চাপিল। মই দূৰলৈ মাতি নি ক'লাে- গুৰুজীকে সামনে সময় কম হ্যায়? আপকা খাচ সমস্যা ক্যা হেয়? What is your chief problem ? তেওঁ ক'লে- ‘আপলােগাে জৈছে মহান ব্যক্তি হমাৰে ঘৰমে লে জায়েগা - কোই আপত্তি হেয়। তাৰ পৰা সামৰি তিনিও তেখেতৰ গাড়ীত বাসভৱন পালাে। তিনি দিন