পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

গাঁৱৰ শ্রদ্ধেয় প্রয়াত ৰমাকান্ত দাস অগ্রগণি আছিল। এই আটাইবােৰকে শান্তি সাধনা আশ্ৰমৰ প্রতিষ্ঠাতা মাননীয় হেম ভাইৰ সংগই আমাক বহুখিনি আগবাঢ়ি যােৱাত মধ্যমনি ৰূপে কাম কৰিছিল। জীৱৰ অজীৱ নাই। কিন্তু মানুহৰ অমানুহৰ সংখ্যা অধিক। সেয়ে মানুহে শুদ্ধ পথে যাবলৈ মানুহেই বেছি বাধা প্রদান কৰে।

 ‘মানুহ’ শব্দৰ ধ্বনিগত প্রতীক অর্থ: ম- প্রকাশ, আ-পৰা, ন-প্রশংসনীয়, উ- প্রমূল্যবােধ, হ- প্রাণ শক্তি অর্থাৎ প্ৰকাশৰ পৰা প্রশংসনীয় প্ৰমূল্যবােধৰ প্রাণ শক্তিৰ ব্যৱস্থাত লােকক মানুহ বােলে। এনে চিন্তাৰ অনুগামী হ’বলৈ মানুহে প্ৰেৰণা যােগােৱাটো মানুহৰ প্রথম কর্তব্য।

 প্রয়াত শ্রদ্ধেয় বৈশ্যৰ আটাইতকৈ মহান গুণ দেখিছিলোঁ গুণী-জ্ঞানী সকলৰ লগত সম্পর্ক স্থাপন গঢ়া। নিতৌ নহ'লেও সপ্তাহত এজনক হলেও দেখা কৰে। প্রথমে অকলে গৈছিল। মােক লগ পােৱাৰ পিছত দুয়াে গৈছিলাে। বৈশ্য দেৱৰ অসীম ধৈর্য। এবাৰ দুবাৰ নহয় এজনক লগ পাবলৈ এঘাৰ মাহে চেষ্টাই চলাইছিল। নাম উল্লেখ কৰাৰ পৰা আঁতৰত থাকিলাে।

 আন এজন প্রেৰণাৰ গুৰি ধৰোঁতা প্রাগজ্যোতিষ কলেজ অধ্যক্ষ সংস্কৃত বিদগ্ধ পণ্ডিত মাননীয় প্রয়াত তীর্থনাথ শর্মা ছাৰৰ ওচৰত চিৰঋণী। বহুদিন কাষ চাপিছিলোঁ। দেখিলেই আনন্দ মুখৰ হাঁহিৰে অতি আগ্ৰহেৰে আলােচনাত বহিছিলোঁ। তিনি-চাৰি ঘণ্টা পাৰ হৈ যায়। বিস্তৃত কৰাৰ ইচ্ছা নকৰি তেখেতৰ জৰিয়তে ভাৰতৰ উদাৰ হৃদয়ৰ ব্যক্তিত্বৰ বহু কথাৰ সমাধান দিব পৰা শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণ দেৱক সাক্ষাৎ কৰাৰ প্রস্তুতি চলাও। আমাৰ ভাব বিনিময়ৰ মহান প্ৰেৰণাৰ ফলশ্রুতি ‘তিনি বন্ধুৰ ভাৰত দর্শন’। জ্যোতিষৰ মহা অনুৰাগী শ্রদ্ধেয় ৰমানাথ গােস্বামী, শ্রদ্ধেয় বৈশ্য আৰু মই মানিক দত্তই লক্ষ্ণৌ মিউজিক কলেজৰ ছাত্ৰ হ’ব খােজা শ্ৰীৰমা গােস্বামীদেৱৰ ভাই শ্রীখগেন গােস্বামীকে লগত লৈ আমি ওলাইছিলোঁ। প্রথম পাটনাৰ শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণদেৱৰ অনুষ্ঠানত বৰ আগ্ৰহেৰে শ্ৰদ্ধা ভক্তিৰে আমাৰ আগমনক সাদৰি ল'লে। চাৰিদিন থকা-খােৱা, পুথিভঁৰালত অধ্যয়ন কৰাৰ যথেষ্ট সুবিধা কৰি দিলে। আমি অতি সুখেৰে দিন কটালোঁ। কিন্তু শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণ ইমান শাৰীৰিকভাৱে অসুস্থতাৰ বাবে আমাৰ মনৰ খুদুৱনি সমাধান কৰিবলৈ সমৰ্থবান নহ’ল। বহু কিতাপৰ ৰচয়িতা শ্রদ্ধেয় প্রয়াত ৰামমূর্তি দেৱৰ সান্নিধ্য লাভ কৰিলোঁ। শ্রীমান খগেন গোস্বামীক লক্ষৌ মিউজিক কলেজত ভর্তি কৰাই এৰাতি আমি থাকি