পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


positive attitude is like a fruit of all seasons". ইতিবাচক মনোভাবেৰে সমৃদ্ধ ব্যক্তি বিশেষ সকলো ঋতুতে পাব পৰা ফলৰ দৰে আৰু সেইজন ব্যক্তিকো আশাবাদী ব্যক্তি বুলি যুক্তিৰে প্ৰতিপন্ন কৰিব পাৰি যিজনে— "Think for the best, work only for the best, and expect only the best. Be as enthusiastic about the success of others as you are about your own. Forget the mistake of the past and press on the great achievements of the future. Give every one a smile."

 “সুস্থ ভাবনা, সুন্দৰ কৰ্মৰাজি আৰু সুন্দৰ প্ৰত্যাশাই জীৱনক নিটোল কৰি সজাব পাৰে। উৎসাহৰ সজীৱতাই জীৱনৰ কৃতকাৰ্যতাৰ মূলমন্ত্ৰ।” কথাখিনি অগ্ৰজপ্ৰতীম বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ জীৱন আৰু কাৰ্যপৰিক্ৰমাৰ মাজত বৰকৈ প্ৰযোজ্য। বালিলেছাৰ সামান্য স্থিতিৰ পৰা জীৱনৰ বাটত খোজ আগবঢ়াই বন্ধু বৈশ্যই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। তেওঁ এখোজ এখোজকৈ আগবাঢ়ি গৈছে আৰু কৃতকাৰ্যই তেওঁক আগবঢ়াই নিছে, সময়ৰ চিকুণ বালিত স্মৃতিৰ সঁফুৰা ৰচিছে। আজিও মনত পৰে স্কুলীয়া দিনৰ বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ আপোনভোলা গলগলীয়া হাঁহিৰ উদাত্ত স্বৰধ্বনি, দাঁতৰ বিজুলীৰ চিকমিকনি, শুদ্ধ বগা পায়জামা-পাঞ্জাবী পৰিহিত খোজৰ এক বিশেষ ছন্দ।

 শান্তিৰ ধামত বন্ধু বৈশ্যৰ আত্মাই চিৰশান্তিত থাকক সৰ্বান্তঃকৰণে ইয়াকে কামনা কৰিছোঁ।


লেখক নলবাৰী বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)