পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


যৌন শিক্ষা বিষয়ক পাঠ্যক্রম দিয়াৰাে চিন্তা-চৰ্চা চলি আছিল। প্রসংগত সেই কথালৈয়াে আঙুলিয়াই তেখেতে নির্ভীক যুক্তি প্রদর্শন কৰিছিল।

 সময়ৰ গতিত তেতিয়া অশ্লীল বুলি গােপন কৰি ৰখা কথাবােৰৰ বহুতেই এতিয়া মুকলি হৈ পৰিল। পৰিয়াল পৰিকল্পনা, বন্ধ্যাকৰণ, যৌন শিক্ষা আদি বিষয়ে কাকতে-পত্রে, ৰেডিঅ’, দূৰদৰ্শন আদি মাধ্যম যােগে বর্তমান বাধাহীন- ভাৱে প্ৰচাৰ হ’ব ধৰিছে। এই প্রচাৰৰ বিৰােধিতা বর্তমান অবান্তৰ বুলিহে মানুহৰ ধাৰণা হ’ব ধৰিছে।

 প্রয়াত বৈশ্য কেৱল শিক্ষকেই নাছিল। তেখেত আছিল ভালেমান সজ গুণৰ সমাহাৰ। সংগীত সাধনা তেখেতৰ হেপাহৰ আছিল। ঘৰতে সংগীত চর্চা আৰু শিকোৱাৰ ব্যৱস্থা কৰিছিল। বাসৰ ঘৰটোৰ নাম সংগীতাশ্রম ৰখাৰ পৰাই সংগীতৰ প্ৰতি থকা তেখেতৰ গভীৰ শ্ৰদ্ধাৰ সম্ভেদ পাব পাৰি। সংগীত বিদ্যালয়খনৰ নাম ৰাখিছিল তেখেতৰ জ্যেষ্ঠ পুত্র শ্রীমান জীৱনজ্যোতি বৈশ্যৰ নামেৰে ‘জীৱনজ্যোতি সংগীতাশ্রম’। তেখেত এজন সুলেখকো আছিল। হয়তাে ছাত্ৰাৱস্থাতে লিখা কোনাে কবিতাৰ পৰাই এম এ পৰীক্ষাত ছন্দৰ উদাহৰণ দিছিল।

 ১৯৮১ চনৰ পিছত বৈশ্য ডাঙৰীয়াক মই বৰকৈ লগ পােৱা নাছিলোঁ। ১৯৭৯-৮৩ৰ সময়ছােৱা অসমৰ বাবে এক দুর্যোগ আছিল। চুবুৰীয়া বাংলাদেশৰ পৰা অসমলৈ হােৱা ভয়াবহ বাংলাদেশী অনুপ্রবেশকাৰী বিতাৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ যৌথ আহ্বানত সমগ্র অসমজুৰি বিদেশী বহিষ্কাৰ আন্দোলন চলিছিল। ৰাজ্য বা কেন্দ্রীয় চৰকাৰে বিদেশী বহিষ্কাৰৰ কোনাে যত্ন নকৰি কেৱল আন্দোলন দমনৰ বাবে সর্বশক্তি প্রয়ােগ কৰাৰ ফলত দেশৰ এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। বহুতাে আন্দোলনকাৰী নিৰীহ লােকে পুলিচ-মিলিটাৰীৰ বন্দুকৰ গুলীত প্রাণ হেৰুৱাব লগা হৈছিল। স্কুল-কলেজ, সভা-সমিতি সকলাে বন্ধ হৈ পৰিছিল। জনসাধাৰণে নির্ভয় মনে বাটে-ঘাটে ওলাই ফুৰিব নােৱাৰা পৰিবেশ হৈছিল।

 সেই আন্দোলনে প্রতিজন অসমীয়া মানুহৰ মন চুই গৈছিল। ছাত্ৰ সন্থা আৰু গণ সংগ্রাম পৰিষদৰ সেই অহিংস আন্দোলনত সকলাে অসমবাসীয়ে অকুণ্ঠ সহযােগ আগবঢ়াইছিল বিদেশীমুক্ত অসম এখন পােৱাৰ আশাত। ১৯৮৩ চনত সেই আন্দোলন চুক্তি সাপেক্ষে বন্ধ হৈছিল যদিও বিদেশী তেতিয়া কিয় আজিও নগ’ল, সমস্যা সমস্যা হৈয়ে ৰ'ল। দেশৰ সেই বিপন্ন কালত দেশক