পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
৬১
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


যে কোনো শিক্ষকে দুজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ গৃহ শিক্ষকতা কৰিব নোৱাৰিব। আৰু মাননি বাবদ ৬০ টকাৰ অধিক ধন ল’ব নোৱাৰিব। পিছে এই জাননী তেতিয়া হিতে বিপৰীত হোৱাদি হ’ল। অভিভাৱকসকল যথেষ্ট অসুবিধাত পৰিল। শিক্ষকসকল উক্ত জাননীৰ গইনা লৈ দুটাতকৈ অধিক ছাত্ৰ-ছাত্ৰীক গৃহ শিক্ষকতাৰ বাবে যাব নোখোজা হ’ল। তেতিয়া ওচৰা-ওচৰি অভিভাৱকে এঘৰতে দুই বা তিনিজনী ছাত্ৰ-ছাত্ৰী গোট খুৱাই পঢ়াই দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছিল আৰু মাননিৰ নিৰিখো ৭০/৮০ টকা দিবলৈ ধৰিছিল। খুব সম্ভৱ তেতিয়াৰে পৰাই টিউটৰিয়ে গ্ৰুপ পাঠদানৰ ব্যৱস্থাৰ প্ৰসাৰ ঘটিছিল।

 সেই সময়ত প্ৰয়াত বৈশ্যই গৃহ শিক্ষকতাৰ মাননি সন্দৰ্ভত দেখুওৱা এটা যুক্তিৰ কথা উল্লেখ কৰাৰ বাবেই আমি ওপৰৰ কথাখিনিৰ অৱতাৰণা কৰিছোঁ। তেখেতৰ যুক্তি আছিল যে আমি শিক্ষকসকল মানসিক চিকিৎসক। কিন্তু এই চিকিৎসাৰ বাবে আমাৰ কোনো জোখ লোৱা বা পৰীক্ষা কৰাৰ যন্ত্ৰ বা সঁজুলি নাই। কেৱল আচৰণ অথবা কৰ্ম পদ্ধতি চাই আমি নিৰাময়ৰ ব্যৱস্থা কৰে। গতিকে আমাক ৭০/৮০ টকা নহয় ১০০ টকা মাননি দিলে অভিভাৱকৰ ক্ষতি নহয়। সেই সময়ত অভিভাৱকসকলে গৃহ শিক্ষকক ১০০ টকাতকৈ কম মাননি দিয়াৰ এক প্ৰৱণতা আছিল বাবেই এই যুক্তি প্ৰদৰ্শন কৰা হৈছিল।

 অংক, ইংৰাজী, অসমীয়া আদি পঢ়োৱাৰ উপৰিও স্কুলত বৈশ্যই সংস্কৃত বিষয়ে পঢ়াইছিল। সংস্কৃত পাঠদানৰ বাবে এসময়ত এটা অভিযোগ উত্থাপন হৈছিল। সেই সময়ত বিদ্যালয়সমূহত অষ্টম-দশম শ্ৰেণীত সংস্কৃত এটা বাধ্যতামূলক বিষয় আছিল। সকলো পৰীক্ষাৰ্থীয়ে লিভিং পৰীক্ষাত ১০০ নম্বৰৰ সংস্কৃত বিষয়ৰ পৰীক্ষা দিব লাগিছিল। সংস্কৃতৰ পাঠ্যক্ৰমত সীতাহৰণ নামেৰে সংস্কৃত ৰামায়ণৰ পৰা দিয়া পাঠ একাংশ আছিল। সেই পাঠত সীতাৰ শাৰীৰিক সৌন্দৰ্য তথা ৰূপৰ বৰ্ণনা আছিল। সেই বৰ্ণনা ইমান উৎকট আৰু উদ্দীপক আছিল যে বহুতো সংস্কৃত শিক্ষকে পাঠৰ সেই অংশ ছাত্ৰ-ছাত্ৰীক নিশিকাইছিল। কিন্তু বৈশ্য ডাঙৰীয়াই সেই পাঠাংশও ছাত্ৰীসকলক পঢ়াই দিয়াত ছাত্ৰী আৰু অভিভাৱকসকলে সেয়া গৰ্হিত কাম বুলি অভিযোগ আনিছিল। সেই অভিযোগৰ উত্তৰত প্ৰয়াত বৈশ্যই দৃঢ়তাৰে যুক্তি প্ৰদৰ্শন কৰিছিল যে শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা পাঠাংশহে তেখেতে পঢ়াই দিছে। সেই পাঠ অশ্লীল বুলি বিবেচিত হলে বিভাগীয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন। সেই সময়তে কাকতে-পত্ৰে ওলাই আছিল যে স্কুলীয়া পৰ্যায়ত