পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

ৰমানাথ গোস্বামী
খাৰঘুলি, গুৱাহাটী

উৎসবে ব্যসনে চৈব দুৰ্ভিক্ষে শক্ৰসঙ্কটোবা (ৰাষ্ট্ৰবিপ্লবে)
ৰাজদ্বাৰে শ্মশানে চ যস্তিষ্ঠতি স বান্ধবঃ॥ (য তিষ্ঠতি)

(চাণক্য শ্লোক)

ৰাজদ্বাৰে শ্মশানে যে সঙ্গী হয়ে ৰয়,
ভয়ানক উপদ্ৰব আৰ দূৰ্ভিক্ষেৰ সময়।
সুখে পায় সুখ আৰ দুঃখে পায় দুখ,
সে জন বান্ধব হলে গৰ্বে ভৰে বুক।

 অৰ্থাৎ যিজনে আপদে-বিপদে, সুখে-দুখে, আকালৰ সময়ত, শ্মশানত, গোচৰ লগাৰ সময়ত, থানাত-কাছাৰীত, নিদানৰ মাত আৰু আকালৰ ভাত যোগাই, বিয়াই-সবাহে উৎসাহ উদ্দীপনা যোগায়, কাষত থিয় হয় তেৱেঁই প্ৰকৃত বন্ধু। বন্ধু শব্দৰ অৰ্থ মিত্ৰ, সখি, লগৰীয়া, হিতকাৰী। বন্ধুত্বৰ বান্ধোনেৰে যাক বন্ধা যায় আৰু যিয়ে বান্ধে তেৱেঁই বন্ধু। উদ্ধৃত শ্লোকটোত ব্যৱহাৰ কৰা শব্দবোৰৰ এটা শব্দৰ অৰ্থ শ্লোকটোৰ ভাঙনিত প্ৰকাশ পোৱা বা হোৱা নাই। সেইটো হৈছে ব্যসন। ব্যসন শব্দৰ অভিধানিক অৰ্থ অকৰ্তব্য কৰ্ম, নকৰিবলগীয়া কাম। এই ব্যসন আকৌ দহবিধ, যেনে—(১) মৃগয়া, (২) পাশা খেলা, (৩) দিনত শয়ন কৰা, (৪) লোক নিন্দা, (৫) বেশ্যাগমন (৬) মদ খোৱা, (৭) অত্যাচাৰ কৰা, (৮) প্ৰতাৰণা কৰা, (৯) পৰশ্ৰীকাতৰতা আৰু (১০) হিংসা। ইয়াৰ এক নম্বৰটো হ’ল মৃগয়া। এই 'মৃগয়া'ৰ বিষয়ে পুঠিমাৰী হাইস্কুলত পঢ়ি থাকোতে পঞ্চম নে ষষ্ঠ শ্ৰেণীত অলপ পাহৰিছোঁ প্ৰয়াত ফৰজান আলি ছাৰে কোৱা মনত পৰে—ৰজাৰ ল'ৰাৰ যৌৱন আহিলে মৃগয়ালৈ যায়, সাউদৰ অৰ্থাৎ বণিকৰ ল'ৰাৰ যৌৱনৰ আগমনত বাহিৰলৈ বেপাৰলৈ যায় আৰু সৰ্বসাধাৰণৰ ল'ৰাৰ যৌৱনৰ প্ৰাৰম্ভত হয় ভ্ৰমণলৈ যায়