পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

• এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়।

– কথাশিল্পী যোগেশ দাস

★★★★

• কবি বৈশ্যই ‘তই যুক্তি যুদ্ধ কৰ’ পুথিত থকা ‘ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ’ নামৰ কবিতাত সেই কথা ক্ষুৰতীক্ষ্ণ ভাষাতে ব্যক্ত কৰিছে, আপুনি আচৰি আনকো প্ৰেৰণা দিছে।

– তীৰ্থনাথ শৰ্মা

★★★★

•“বঙ্গাল” (বিদেশী)ৰ ষড়যন্ত্ৰমূলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্যৰ প্ৰাণত যিকুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱণিত ভাষা উফৰি গৈছে।

- বেণুধৰ শৰ্মা

★★★★

• প্ৰচাৰ বিমুখ, নীৰৱ সাধক উমেশ বৈশ্য আমাৰ বাবে স্মৰণীয় হৈ থাকিব।

- নলিনীধৰ ভট্টাচাৰ্য

★★★★

• সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য। শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।

— ড° হীৰেন গোহাঁই

★★★★

• ছাত্ৰাৱস্থাত মই যিসকল বন্ধুক সহপাঠী স্বৰূপে পাইছিলোঁ আৰু যিসকল সহপাঠী মোৰ চেতনাৰ অঙ্গ হৈ পৰিছিল, সেইসকলৰ ভিতৰত প্ৰয়াত উমেশ বৈশ্যৰ স্থান নিঃসন্দেহে আগশাৰীত।

–ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

★★★★


• ভৱিষ্যতে লোকসংগীতৰ আলোচনা কৰাসকলৰ বাবে “সুৰ বিচাৰি বাৰ বছৰ” গ্ৰন্থখন এখন বেদৰ দৰে হ’ব।

—ড° অমৰজ্যোতি চৌধুৰী

★★★★


• শিক্ষকৰ গাম্ভীৰ্যতা আছিল তেওঁৰ চৰিত্ৰৰ বিশেষত্ব। অধ্যয়নশীল, চিন্তাবিদ, গায়ক, লেখক, সমাজকৰ্মী, জীৱন-যোদ্ধা, দেশপ্ৰেমিক, জ্ঞানী, শিক্ষাবিদ উমেশ বৈশ্যদেৱ আজি আমাৰ মাজত নাই।

– ৰিজু হাজৰিকা