পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৯
অন্যান্য (শােক প্রস্তাৱ, চিঠি-পত্র, বংশাৱলী ইত্যাদি)

[প্রয়াত উমেশ বৈশ্যই বাইদেউলৈ (নামটো পােৱা নগ’ল) লিখা চিঠি]

শ্রদ্ধেয়া বাইদেউ,

 আপােনাৰ অলপতে প্রকাশিত ‘কবিতাৰ ৰূপৰেখা’ আদ্যোপান্ত পঢ়ি আনন্দিত হলোঁ। শেষৰ পিনে এঠাইত মােৰ কবিতা এটাৰ কেইশাৰীমানৰ উদ্ধৃতিও দেখিলোঁ। ইমান ব্যস্ততাৰ মাজতাে মােৰ কবিতাখিনি মৰমেৰে পঢ়ি তাৰ এটা মূল্যায়ন কৰা বাবে আপােনালৈ মােৰ কৃতজ্ঞতা থাকিল। আপুনি মই লিখা কবিতা পুথিখনিৰ নাম ‘তই যুক্তি তর্ক কৰ’ বুলি লিখিছে। পিছে পুথিখনৰ নাম ‘তই যুক্তি যুদ্ধ কৰ’হে হব লাগে। পুথিখনৰ পুনৰ মুদ্রণ হলে নামটো শুদ্ধ কৰি দিব বুলি আশা কৰিলোঁ।

 পত্রবাহক শ্রীমান ৰমেন বৈশ্য মােৰ ৪র্থ সৰু ভাই। তেওঁৰ হাততে মােৰ আৰু দুখন কবিতা পুথি আপােনালৈ বুলি দি পঠালোঁ। এখন আন্দোলনৰ সময়তে লিখা ‘অশান্ত জন্মভূমি’ আৰু আনখন মােৰ কলেজীয়া জীৱনতে লিখা ‘মিলন’৷

 আশাকৰোঁ পুথি দুখনি মৰমৰ চকুৰে এবাৰ পঢ়ি চাব।
 শাৰিৰীকভাৱে মই এতিয়া অসুস্থ। সেয়েহে মই নিজে যাব নােৱাৰি ভাইটিৰ হাততে পুথি দুখনি দি পঠালোঁ। তাৰ বাবে একো বেয়া নাপায় যেন।

ইতি–

আপােনাৰ বিশ্বাসী
শ্রীউমেশ বৈশ্য