(কণিষ্ঠ ভাতৃয়ে প্ৰয়াত উমেশ বৈশ্যলৈ লিখা চিঠি)
শ্ৰীহৰি
২২। ৭। ৮৬
পূজনীয়
দাদা,
প্ৰথমতে মোৰ সেৱা লব। গুৱাহাটীৰ পৰা মই ভালে ভালে আহি পাইছো। আমাৰ গাওৰ কালীমন্দিৰত হব লগা মিটিং খন নহ'ল। আৰু হব বুলিও বৰ্তমান শুনা নাই। মোৰ বোধহয় যে তেওলোকে কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰিম বুলিয়ে ভাবিছে কিজানি? আমাৰ চুবুৰীটোৰ কমিটি খন প্ৰস্তুত কৰাৰ কামত মই প্ৰায় আগবাঢ়িছো। মানুহখিনিৰ লগত ভালদৰে আলোচনা কৰিছো। বুজা মতে তেওঁলোকে কোনো ধৰণৰ আপত্তি দৰ্শোৱা নাই। আলোচনা মৰ্মে তেওলোকে অনতি পলমে কমিটি খন প্ৰস্তুত কৰিবলৈ মত পোষণ কৰে।
স্কুল সন্দৰ্ভত আপুনি কৈ পঠোৱা সকলো কথা মই কব লগা কেইজনক কলো। বৰ্তমান বিপৰীত শক্তি শূন্য। আজিৰ পিচত অৱশ্যে কব পৰা নাই।
মই ২৮ ৷ ৭ ৷ ৮৬ তাৰিখে যাম। গৈ মই “এডমিচন” অৰ্থাৎ মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ বিষয়ে আলোচনা কৰিম। বিশেষ নাই।
ইতি—
আপোনাৰ সৰু ভাই
শ্ৰীৰাতুল বৈশ্য
বালিলেছা
২২। ৭। ৮৬