পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ঃ ইয়াৰ জন্ম আৰু ক্ৰম বিকাশৰ সংঘাতময় ইতিহাস

উমেশ বৈশ্য

ভাঃ প্ৰাঃ অধ্যক্ষ

 ১৯৫৮ চন। অক্লান্ত সমাজকৰ্মী, শিক্ষাপ্ৰেমী, অসমৰ এগৰাকী শীৰ্ষস্থানীয় সংগঠক, বিশেষকৈ শিক্ষানুষ্ঠান গঢ়েতা, কৰ্মযোগী, দূৰদৰ্শী পুৰুষ গিৰিধৰ শৰ্মাদেৱৰ আপ্ৰাণ চেষ্টা আৰু নেতৃত্বত তেতিয়া আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় গঢ় লৈ উঠিছে। ইয়াক কেন্দ্ৰ কৰিয়েই গোপীনাথ নগৰত এক নতুন পোহৰৰ ৰেঙনিয়ে দেখা দিছে। অসমৰ বিদগ্ধ বৰেণ্য ভাষাবিদ পণ্ডিত বাণীকান্ত কাকতি দেৱৰ মৃত্যুৰ পিছত সেই গৰাকী মহৎ পুৰুষৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰিহাবাৰীতে কিবা এটা কৰাৰ কথাও চিন্তা কৰিছিল পোন প্ৰথমে গিৰিধৰ শৰ্মাদেৱেই। তেখেতৰ এই কল্পনাৰ কথা ৰিহাবাৰীৰ শিক্ষাসদী লোকসকলৰ আগত মাজে মাজে ব্যক্তও কৰিছিল। আৰ্য্য বিদ্যাপীঠ গঢ়াৰ পিছত ৰিহাবাৰী অঞ্চলত স্ত্ৰী শিক্ষা বিকাশৰ বাবে এখন বালিকা শিক্ষানুষ্ঠান গঢ়াৰ চিন্তাও তেখেতৰ মনত উদয় হ’ল আৰু এই অনুষ্ঠানকেই বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় নাম দি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ঘৰত ৰাতিপুৱাৰ ভাগত ১৯৬৩ চনত আৰম্ভ কৰা হ'ল। আৰ্য্য বিদ্যাপীঠত তেতিয়া সহশিক্ষা চলিছিল। সেই বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যিখিনি ছাত্ৰী আছিল সেইখিনিকে অভিভাৱকসকলৰ অনুমতি লৈ বদলি কৰি আনি নবজাত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ পৰা ক্ৰমে অষ্টম শ্ৰেণীলৈ ভৰ্তি কৰা হ’ল।

 বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰিবলৈ মাতি অনা হৈছিল সেই সময়ৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শিকা শ্ৰীযুতা প্ৰিয়লতা কাকতিক। সৰ্বশ্ৰী মিনতি মেধি, পঙ্কজ মৰল, মিচেছ ৰেজাক, গীতা ৰয়, ৰাণু দত্ত তৰ্পণা ৰায়চৌধুৰী আদি কেইবাগৰাকী শিক্ষয়িত্ৰীক একেলগে একে সময়তে