পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১১
প্ৰয়াত উমেশ বৈশ্যৰ সৃষ্টিকৰ্ম সম্পৰ্কে বিভিন্নজনৰ মন্তব্য

 সুহৃদ ভাতৃপ্ৰতীম প্ৰয়াত উমেশ বৈশ্য দেৱৰ দেশপ্ৰেম মূলক বহুবোৰ গীত ৰাগ ভিত্তিত ৰচনা আৰু সুৰাৰোপন কৰাৰ সময়ত উপভোগ কৰাৰ সুযোগ পাইছিলোঁ। লগতে বিভিন্ন স্থানত সমাজ সেৱাৰ কামত বিজ্ঞান সমিতি, জ্ঞান-বিজ্ঞান সমিতি, কৃষক সুৰক্ষা সমিতি, ডি-পি-ই-পি, শান্তি সাধনা আশ্ৰম, শৰনীয়া কস্তুৰবা আশ্ৰমৰ সেচ্ছাসেৱী কামত জড়িত হৈ কিছুমান গীত আকাৰত তথা কিছুমান আবৃত্তিৰূপে পৰিবেশনও কৰিছিলোঁ।


 নৈতিক আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতন জ্ঞানী লোকৰ পৰামৰ্শ মতে সমাজৰ উত্তৰ ঘটোৱাত প্ৰধান সহায়ক মধ্যমণিৰূপে অগ্ৰগতি লাভত স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ পাঠ্য পুথিত গীত সমূহ অন্তৰ্ভূক্ত কৰিবলৈ ৰাইজৰ আকুল আহবান পাইছিলোঁ। আশাকৰোঁ “প্ৰগতিৰ গান” ত সন্নিবিষ্ট ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰণ কৰা গীত সমূহ পাঠ্য পুথিত অন্তৰ্ভূক্ত হোৱাটো বাঞ্চনীয়।