পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

প্ৰয়াত উমেশ বৈশ্যৰ তত্ত্বাৱধানত প্ৰকাশিত দুমহীয়া আলোচনী

সুৱাগী
দুমহীয়া আলোচনী
১ম বছৰ, ২য় সংখ্যা, ২৮.২.৮১ ইং

 

সুৱাগী
সংস্কৃতিমূলক দুমহীয়া আললাচনী
অক্টোবৰ আৰু নবেম্বৰ সংখ্যা,
১৯৮১ ইং

সুৱাগীৰ পাতমেলি

শ্ৰীসত্যপ্ৰসাদ মেধি

 সুৱাগ শব্দৰ পৰাই সুৱাগী হৈছে। সুৱাগ শব্দৰ অৰ্থ— আদৰ, স্নেহ, মৰম। সুৱাগী স্ত্ৰীলিঙ্গত স্বামীৰ চেনেহ পোৱা ভাৰ্য্যা। গতিকে এই “সুৱাগী” আলোচনী- খনিয়েও সুধীবৃন্দৰ পৰা আদৰ, স্নেহ আৰু মৰম লাভ কৰক।

 আলোচ্য আলোচনীখন ১৯৮০ চনৰ নবেম্বৰ মাহৰ প্ৰথম বছৰ। প্ৰথম সংখ্যা। মূল্য ১.০০ টকা। সম্পাদক শ্ৰীৰমেন বৈশ্য। মুদ্ৰন বিৰুবাৰী জনোপ্ৰিণ্টিং প্ৰেছ আৰু জীৱনজ্যোতি সঙ্গীতাশ্ৰমৰ দ্বাৰা প্ৰচাৰিত। আলোচনীখন দুমহীয়া। বেটুপাত দাৰ্শনিক ভাবযুক্ত।