পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

সাদৰে প্ৰচাৰ কৰোতা এই সকল ব্যক্তিলৈ মোৰ কৃতজ্ঞতা থাকিল।
 গীতসমূহ লিখোতে আজিকালিৰ সহজ ব্যাখ্যাৰ ঠাইত আঙ্গিকলৈ লক্ষ্য কৰিলে অপৈণত লিখকৰ কেতিয়াবা কেতিয়াবা স্বতঃস্ফুৰ্ত ভাবাবেগ উজুটি খায়। মোৰো তেনেই হৈছে। দক্ষ সুৰকাৰে অলপ কষ্ট কৰিলে গীতবোৰ গাব পৰা যাব বুলি এটা আশা ৰাখিছোঁ। কেইটামান গীত অলপ দীঘলীয়া হৈছে। কথাবস্তু খিনিৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি সেইকেইটা ছুটি কৰিবলৈ ইচ্ছা নকৰিলোঁ। এনেবোৰ কাৰণত মোৰ যদি কিবা দোষ ত্ৰুটি হৈছে তাৰ বাবে সহৃদয় পঢ়ুৱৈ সমাজ আৰু শিল্পী সমাজৰ ওচৰত মাৰ্জনা বিচাৰিলোঁ।
 অৱশেষত কিঞ্চিৎ পৰিমানে হ’লেও সমাজৰ উপকাৰ হোৱা বুলি জানিব পাৰিলে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।

উমেশ বৈশ্য