পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


অন্য কথা বাদ দি কেৱল কবিতাৰ কথা, আবৃত্তিৰ কথা, সংগীতৰ কথা আৰু সাহিত্যৰ কথা। ভাব হ’ল, তেখেতে ৰোগাৰোগ্য লাভ কৰিছে, কিন্তু চেহেৰাই সেইটো নুবুজায়।

 দেহাৱসান জন্মৰ অমোঘ পৰিণতি, বাৰণ কৰাৰ কোনো উপায় নাই। নিয়তিৰ সেই নিয়ম অনুসৰিয়ে জীৱনৰ পূৰ্ণতা লাভৰ পূৰ্বেই অজান পুৰীলৈ গুচি গ’লগৈ বৈশ্য ডাঙৰীয়াও। তথাপিও সান্নিধ্যত অহা প্ৰতিজনৰ কাণত এতিয়াও হয়তো প্ৰতিধ্বনিত হৈ আছে তেখেতৰ বাদ্যযন্ত্ৰৰ সুৰসমলয় আৰু সুললিত কণ্ঠস্বৰ আৰু হয়তো তেখেত বৰ্তি আছে গুণমুগ্ধ ছাত্ৰ-ছাত্ৰীৰ মানসপটত।

 তেখেতৰ অবিনশ্বৰ আত্মাই চিৰশান্তি লাভ কৰক। স্মৃতিচাৰণৰ পুণ্য তিথি উপলক্ষে পৰম কল্যাণময়ৰ ওচৰত এই প্ৰাৰ্থনাৰে সামৰিলোঁ।•

 

(লেখক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)