পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


 মুঠতে শিক্ষকতা কৰি পাৰিবাৰিক সমস্যাবহুল জীৱন সাৰোগত কৰি প্ৰয়াত বৈশ্যই সাহিত্য, শিল্প, সংস্কৃতি আৰু শিক্ষা জগতলৈ যি অৱদান তেখেতৰ চোকা লিখনিৰে দি গৈছে সেয়া অসমৰ বাবে আপুৰুগীয়া সম্পদ হৈ ৰ’ব আৰু অনুজসকলৰ বাবে এক পাথেয় হ'ব বুলি আশা কৰিব পাৰি। তেখেতৰ পুত্ৰ ড° শেখৰজ্যোতি বৈশ্য আৰু নীলোৎপল শৰ্মাই সম্পাদনা কৰা “সুৰ বিচাৰি বাৰ বছৰ” সকলোৰে বাবে এখন গ্ৰহণযোগ্য পুথি আৰু ৬০ দশকৰ দলিল।

 সৰ্বশেষত দেৰিকৈ হ'লেও তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক এয়ে আমাৰ কামনা।•


(লেখক চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, চেতাৰৰ বিশাৰদ তথা এগৰাকী সাহিত্যানুৰাগী ব্যক্তি।)