সাধাৰণতে দেখা যায়, বৈশ্য ডাঙৰীয়াই গীতৰ গভীৰতা আৰু তীব্ৰতা
বঢ়াবলৈ গীতত একে শব্দৰ সঘন প্ৰয়োগ কৰিছে। যেনে—
নাচ নাচ নাচ নাচ বিহুৱা
...............
নাচ নাচ নাচনী নাচ
................
আহ আহ আহ হেৰ অসমীয়া। (প্ৰগতিৰ গানঃ ৫২, ৫৩)
ভূপেন হাজৰিকাদেৱেও এনে ধৰণৰ শব্দৰ মাধ্যমেৰে গীতৰ মাধুৰ্য
বৃদ্ধি কৰিছিল।
১। আহ আহ ওলাই আহ।
২। ভাদৰ মাসত ধম্ ধমা ধম্।
অৰ্থ অনুযায়ী শব্দৰ প্ৰক্ষেপন Projection য়ে উমেশ বৈশ্যৰ গীততো স্বকীয়তা বৃদ্ধি কৰিছে বুলি আমি ভাবো।
ব্যাপক অৰ্থত গীতিকাৰসকল সমাজ সচেতক শিল্পী। কিয়নো এজন গীতিকাৰে মানৱীয় মূল্যবোধ, শ্ৰেণীহীন সমাজ ব্যৱস্থাৰ বিষয়ে সুন্দৰ ৰূপত গীতৰ ভাষা সুৰৰ মাধ্যমেৰে সমাজৰ আগত দাঙি ধৰে। এনেক্ষেত্ৰত গীতিকাৰৰ মানৱতাবাদী সুৰটোৱে আত্মপ্ৰকাশ কৰে স্বচ্ছ ৰূপত।
আমি সুৰৰ পূজাৰী দল
সুন্দৰ বিচাৰি যাওঁ।
সুৰৰ মায়াত মুগ্ধ আমি
সাধনাৰ শান্তি পাওঁ। (প্ৰগতিৰ গানঃ ৬০)
বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই সুন্দৰ আৰু সত্যক নিয়ন্ত্ৰণত ৰাখি জনতাৰ জয়গান গাইছিল আৰু ই আছিল শিল্পী দুজনৰ মানৱ কল্যাণৰ অৰ্থে গোৱা সুৰ। প্ৰয়াত উমেশ বৈশ্যৰ গীতত unity in diversity জৰিয়তে মানৱ নিয়ন্ত্ৰণৰ সুৰ ধ্বনিত হোৱা বুলি আমাৰ প্ৰত্যয় দীপ্ত—
বড়ো, মণিপুৰী, খাচিয়া, ত্ৰিপুৰী
খামতি ভগিনী গণ,
আহা আগুৱাই লুচাই, নাগিনী
কৰো আমি আলিঙ্গন॥
..............