পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

সুৰ প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাওঁ-

 হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা  তুমি আহা আহা আহা  আমাৰ চোতালত বিহগছ গজিছে  ভাঙি ছিঙি উৰুৱাই নিয়া নিয়া। (প্ৰগতিৰ গান ঃ ১৭)

 জাতিটোক সজাগ কৰিবলৈ শিল্পী এজনে ইয়াতকৈয়ো আৰু প্ৰাণপনে কি চেষ্টা কৰিব পাৰে? দলিত শ্ৰেণীটোক সজাগ কৰি, দলিত শ্ৰেণীটোৰ পক্ষত থিয় দি ভূপেন হাজৰিকাদেৱে গীতৰ ভাষা প্ৰকাশ কৰিছিল— “যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি/ কান্ধ ভাঙো ভাঙো কৰে, হে কৰে৷ বৰ বৰ মানুহে দোলাত টোপনিয়ায়/ আমাৰেহে ঘামবোৰ সৰে অ’ সৰে।” পল ৰবচনৰ গীতৰ মাজতো Positive Humanism ৰ Concept প্ৰতিফলিত হৈছিল সাধাৰণ দলিত শ্ৰেণীক কেন্দ্ৰ কৰি। অৱশ্যে পল ৰবচনে জাত-পাত বা বৰ্ণৰ সংজ্ঞাৰে ইয়াক প্ৰতিফলিত কৰাইছিল। ৰবচনৰ কণ্ঠও আছিল উদাত্ত। গতিকে শিল্পীয়ে কণ্ঠৰ মাজেৰে জনগণ মুক্তিৰ গান গায়। এই ক্ষেত্ৰত প্ৰয়াত উমেশ বৈশ্যই ‘প্ৰগতিৰ গান’ শীৰ্ষক গ্ৰন্থত তেখেতৰ সংগ্ৰামী চেতনাৰ পৰিচয় দি গৈছে। ড° হীৰেন গোহাঁইৰ মতে— “গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে।...’’২

  নিদ্ৰা এৰি উঠা অসমীয়া
 এলাহ আঁতৰাই
  জিলিকাই তোলা জননী মুখ
 পোহৰ ছটিয়াই
 আঁকি দিয়া মলিন মুখত
  হাঁহি মনোহৰা।

(প্ৰগতিৰ গান ঃ ১৯)

 কবি হীৰুদায়ে স্বকীয় ভাৱনাৰে দেশপ্ৰেমক এক শিল্পীসত্ত্বাৰে ৰক্ষা কৰিব খুজিছিল। দেশবাসীৰ মাজত তেখেতে ঐক্য স্থাপন কৰিব খুজিছিল কবিতাৰ ভাষাৰে। ভূপেন হাজৰিকাই এই ঐক্য স্থাপন কৰিছিল গীতৰ মাধ্যমেৰে।


২ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ শীৰ্ষক গ্ৰন্থত হীৰেন গোহাঁইৰ মন্তব্য