পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ মাধুৰ্য ⵓ
এটি বিশ্লেষণ

মুকুট পাঠক
ৰামদিয়া, কামৰূপ

 সাধনা, দূৰদৰ্শিতা আৰু ত্যাগে কোনো শিল্পী এজনৰ ব্যক্তিত্ব ফুটাই তোলে। শিল্পীৰ ব্যক্তিত্বৰ ক্ষেত্ৰত Total personality concept, অতি মাৰ্জিত সৌন্দৰ্যবোধ, লোককৃষ্টিৰ গণ মাধ্যমৰ concept, formal education con- cept, জাত-পাত বা বৰ্ণৰ মুৰ্খৰ অহংকাৰ ক'ৰবাত দেখিলে তাক উদাত্ত কণ্ঠে ধমকি দি উপলুঙা কৰাৰ concept এজন শিল্পীৰ সাধনাত উত্তৰসুৰীলৈ উত্তৰণ ঘটে। এই সকলো ব্যক্তিত্বৰ অধিকাৰী আছিল প্ৰয়াত উমেশ বৈশ্য। সেয়েহে প্ৰয়াত বৈশ্যৰ গীতৰ মাধুৰ্য সন্দৰ্ভত বোধহয় ড° হীৰেন গোহাঁই মন্তব্য আগবঢ়াইছিল এনেদৰে– "..... সহজ সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আৱেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য।” হীৰেন গোহাঁইৰ মন্তব্যৰ আধাৰত ক’ব পাৰি যে উমেশ বৈশ্যই যিবোৰ গীত ৰচনা কৰিছিল, সেই গীতবোৰৰ ভাষা আৰু ছন্দৰ মাজত তাৰ আবেগ ফুটি উঠিছিল আৰু ইয়ে গীতিকাৰৰ গীতৰ মাধুৰ্য প্ৰতিফলিত কৰিছিল।

 বৈশ্য ডাঙৰীয়া একেধাৰে এজন সু-সাহিত্যিক, কবি, গীতিকাৰ, গায়ক, সুৰকাৰ আৰু সৰ্বোপৰি এজন নীৰৱ সমাজ সংস্কাৰক আছিল। তেখেতৰ ভালেমান প্ৰবন্ধ, গীত, কবিতা আদি অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছিল। তেখেতে লিখি থৈ যোৱা বহুতো গীত আজি পৰ্যন্ত গণমাধ্যমযোগে প্ৰচাৰিত হৈ আছে। এইজন ব্যক্তিৰ গীতৰ ভাষা আৰু শৈলী আছিল সাৱলীল। তেখেতে গীতেৰে সুপ্ত মানুহৰ সংগ্ৰামী সত্তাক জগাই তুলিব বিচাৰিছিল। বৈশ্যৰ 'প্ৰগতিৰ গান’ শীৰ্ষক গ্ৰন্থত এই প্ৰতিধ্বনিৰ


১ উমেশ বৈশ্যৰ 'প্ৰগতিৰ গান' শীৰ্ষক গ্ৰন্থত হীৰেন গোহাঁইৰ মন্তব্য