পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

প্ৰশংসাযোগ্য৷ অচিনা কিন্তু হৃদয়ৰ কুটুম সম এজনৰ বিষয়ে দুই-এক শব্দ লিখাৰ সুযোগ দিয়াৰ বাবে এই অভাজন ড° শেখৰ জ্যোতি বৈশ্যৰ ওচৰত কৃতজ্ঞ। আজি প্ৰয়াত উমেশ বৈশ্যৰ দৰে বৈচিত্ৰ্যৰে ভৰপুৰ আৰু এক জটিল আৰ্থসামাজিক গাথনিৰ অসমীয়া সমাজ-জীৱনৰ নীৰৱ সাধক এজনৰ কষ্টসাধ্য প্ৰয়াসৰ প্ৰতিটো পৃষ্ঠা ৰাইজৰ আগত তুলি ধৰাটো বৰ প্ৰয়োজন হৈ দেখা দিছে। ক্ৰমশ হৃদয়ৰ পৰশ থকা কাপবোৰ যেন স্তব্ধ হৈ পৰিছে এক অজ্ঞাত কাৰণত। নিগনি দৌৰৰ মহামিচিলত যেন আমি লক্ষ্য উদ্দেশ্য হেৰুৱাই কৃষ্ণ পতন হ’বলৈ গতি কৰিছো। সেয়েহে প্ৰয়াত বৈশ্যৰ লেখনীবোৰে আমাক অলপ হলেও সচেতন হ’বলৈ উদগনি দিব পাৰিব বুলি আশা কৰা যায়।

 

(লেখক ৰতন পাল, কাবিলাবাদ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, নপাম, তেজপুৰ।)