পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য



উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’

মিহিৰ দেউৰী

 একেধাৰে সাহিত্যিক, কবি, গায়ক, গীতিকাৰ তথা নীৰৱ সমাজসেৱক উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ শীৰ্ষক গ্ৰন্থখনত সন্নিৱিষ্ট আটাইকেইটা গীততে দেশমাতৃ আৰু দেশৰ মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা পৰিস্ফুট হৈ উঠিছে। গীতৰ মাজেৰে ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক ঘটনাৱলীক যিভাৱে সমাৱেশ ঘটোৱা হৈছে, তাৰ মাজত তেওঁৰ ব্যক্তিগত স্মৃতি, অনুভূতি বা ব্যক্তিগত কাহিনী বিবৃত হোৱা নাই; নিৰ্দিষ্ট ৰূপত উদ্ভাসিত হৈছে নিজস্ব অৱস্থান, জিলিকি উঠিছে এক অনুচ্চাৰিত সংগ্ৰাম। সেই সংগ্ৰামৰ লক্ষ্য হৈছে প্ৰাণৰো প্ৰাণৰ দেশখন ৰঙে- ৰূপে মনোহৰা ৰূপত সজাই তোলা। প্ৰয়াত বৈশ্যই ‘প্ৰগতিৰ গান’ৰ জৰিয়তে দেশপ্ৰেমৰ মন্ত্ৰৰে অসমবাসীক উদ্বুদ্ধ কৰিবলৈ লোৱা প্ৰচেষ্টাত সফল হৈছে। •


(লেখক ‘আজিৰ দৈনিক বাতৰি’ৰ কাৰ্যবাহী সম্পাদক।)

(এই লেখাটোৰ ৰচনা কাল ২৯/৭/২০১০ ইং।)