পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

দিছে– প্ৰগতিৰ গানৰ মাধ্যমেৰে।
 গীতিকাৰ বৈশ্যদেৱে আশা ৰাখিছে, স্বপ্ন দেখিছে আগুৱাই যোৱাৰ :

“সূৰ্য্য উঠিল টোপনি ভাগিল
উদাস জনতাৰ
কৰ্ম বিমুখ জড়তা নাশি
জাগিল কৰ্ণধাৰ॥
দলিত পীড়িত নিষ্পেষিতৰ
এই (যে) সময় মুকুতি যুঁজৰ
সমাজ জাতিষ্কাৰ
শুনো আহ্বান আকাশ বুকুত
স্বদেশ সজোৱাৰ॥”

 গীতিকাৰ আশাবাদী— সুন্দৰ সুষম সাজ-সজ্জাৰে ভাষা সজাই গীতৰ দ্বাৰাই জনতাক উদ্বুদ্ধ কৰিবলৈ অন্তৰ উজাৰি আবেদন জনাইছে। নীৰৱ শিল্পী ভাতৃপ্ৰতীম বন্ধু উমেশ বৈশ্যলৈ আন্তৰিক অভিনন্দন— সমাজ সচেতন মন লৈ মুক্ত বিচৰণ কৰি সুৰ সাধনাৰ মাজেৰে আলোড়িত কৰাৰ হাবিয়াস পূৰ্ণ হ’বই। পুনৰ গীতিকবিলৈ প্ৰীতি শুভেচ্ছা অনন্ত ধামলৈ পঠিয়াই দিলো। সমাজ সচেতন মনৰ মূৰ্ত দলিল ৰূপে “প্ৰগতিৰ গান”ৰ খ্যাতি বিয়পি পৰক।

 

(লেখক এগৰাকী সমালোচক, লেখক তথা অৱসৰপ্ৰাপ্ত অভিযন্তা।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)