পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
সোঁ‌ৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


বাপতিসাহোন বিহু ৰাখিবলৈ
 জাগা অসমীয়া ভাই।

 (৩৩) নতুন বছৰত নতুন উলাহেৰে চেনেহৰ বিহুৱানৰ বিজয় কৱচ ধাৰণ কৰি যুগৰ অমানিশা আঁতৰাই আগুৱাই যোৱা নতুন সমাজৰ নতুন সংস্কৃতিৰে নানা জাতি বিহুতলীত গোট খাই ৰজনজনাই যোৱা সমন্বয়ৰ গীত গোৱা দেখি গীতিকাৰজনে সন্তোষ লাভ কৰিছে আৰু বিহুৰ এই বতৰতে দেশবাসীৰ মন গগণচুম্বী উচ্চ অসীম হৈ বিশ্বযোৰা বিশাল গতিবিধি সামৰি প্ৰগতিৰ গান গোৱাৰ হাবিয়াস কৰিছে—

বিহুৰ বৈজয়ন্তী তলত
কৰোঁ আমি পণ
গগণচুম্বী উদাৰ অসীম
হ’ক আমাৰ মন
বিশাল মনৰ পৰিধিৰে
বিশাল বিশ্বক আকোঁৱালি
গাওঁ প্ৰগতিৰ গান।

 (৩৪) বিহুৰ বতৰত পাহাৰ-ভৈয়াম, গছ বন সকলোতে ৰঙিলী নাচনী চৰায়ে আনন্দৰ মেলা পাতি ধৰাখন জিলিকাই তুলিছে। বিহুৰ বতৰতে মাকৰ ঘৰলৈ ঢাপলি মেলা বৰদৈচিলাৰ পৰশ পাই বসুমতী পৰিষ্কাৰ হৈ পুৱাৰ সূৰুযৰ পোহৰত চকুত চমক লগাকৈ জিলিকি উঠি মানুহক (আমাক/গীতিকাৰক) আনন্দত আত্মহাৰা কৰি তুলিছে—

বৰদৈচিলাৰ পৰশ লাগি
বসুমতী নিকা হ’ল
পুৱাৰ হিৰণ কিৰণ পৰি
পুৰণি আঁতৰি গ'ল
নতুন দিনৰ চমক লাগি
আমি যে আত্মহাৰা।

 (৩৫) অসীম পথত, সন্ধিয়া পৰত, সকলো বাধা-বিঘিনি, বিপদ-ধুমুহা, আনকি মৃত্যুৰ ভয়কো নেওচি জীৱনৰ লক্ষ্য পথত, জীৱন নাৱৰ গুৰি বঠা সজোৰে ধৰি আগুৱাই যাবলৈ কৰা গীতিকাৰজনৰ সাহস আৰু উদ্যম ইয়াত প্ৰকাশ কৰা হৈছে—