পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


দুৰ্বল জনজীৱন ভূমিত
সজা হয় যদি সমাজ কাৰেং
নিঢলি পৰি চুৰমাৰ হ’ব
যাব ই ৰসাতল।

 সেইবাবেই প্ৰথমেই জনজীৱনক শক্তিশালী ৰূপত গঢ়িবলৈ গীতিকাৰে আহ্বান জনাইছে—

জন জীৱনক প্ৰথমেই কৰা
মহান শক্তিধৰ
তেতিয়াহে তোমাৰ আশাৰ কাৰেং
বিশ্ব বুকুত জিলিকি ৰব
জল্ম‌ল্‌ জল্ম‌ল্‌।

 (১৩) সাহিত্য, শিল্পপ্ৰেমীসকলেও দেশৰক্ষাৰ বাবে, দেশৰ প্ৰগতিৰ বাবে কলম ধৰা উচিত। শক্ৰক পৰাভূত কৰি দেশ ৰাখিবৰ বাবে দেশবাসীলৈ গীতিকাৰজনে হৃদয়সিক্ত আহ্বান জনাইছে। মান-অভিমান এৰি দেশৰক্ষাৰ বাবে ৰণক্ষেত্ৰলৈ নাহিলে দেশৰ মাটিত শত্ৰু ভৰি পৰিব লাগিছে-

চৌদিশে আজি দেশৰ মাটিত
শত্ৰুৰ পয়োভৰ।

 (১৪) দেশত অশান্তিৰ বীজ ৰোপণ কৰা সকলক, মুখা পিন্ধা, দেশৰক্ষাৰ নামত গোপনে দেশ বিপন্ন কৰি তৃপ্তিৰ হাঁহি হঁহাসকলক হত্যা বা নাশ কৰাৰ বাবে দেশপ্ৰাণ দেশবাসীক গীতিকাৰে আহ্বান জনাইছে। এই মুখাপিন্ধা সকলক নাশ কৰিলেহে দেশৰ আকাশ ফৰকাল হ’ব, সুখ-শান্তিৰ দিন আহিব।

দুৰ্বৃত্ত নাশ হ'লেহে
সমাজ আকাশ ফৰকাল হ'ব
উৰিব কপৌজনী।

 (১৫) ধাননি পথাৰত বলধ সোমাই ধাননি নাশ কৰাৰ দৰে ধাননি পথাৰ স্বৰূপ সমাজ বা দেশখনত বলধ বা গৰুৰ দৰে কাণ্ডজ্ঞানহীন অমানুহবোৰে যাতে সমাজখন বা দেশখন বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সদা সচেতন হৈ থাকি প্ৰয়োজনবোধে জুইৰ পোহৰেৰে ধাননি পথাৰ পোহৰ কৰি, এন্ধাৰৰ সুযোগত ধাননি পথাৰত কাকতি ফৰিং প্ৰৱেশ কৰাৰ দৰে গোপনে সমাজ বিধ্বংসীসকলক সতৰ্কতাৰে বন্দী কৰি ধাননি পথাৰ স্বৰূপ সমাজ তথা দেশখনক