অসমতে নিজৰ অস্তিত্বও বিপন্ন হৈ পৰিল।
বৈশ্যদেৱে এলেহুৱা অসমীয়া মখাক ধিক্কাৰ দি জাগৃতিৰ বাণী শুনালে
“হেৰ মৃত্যুমুখী অসমীয়া,
আজি তই তােৰ চিন্তা কৰ।
শুই থাকোতে কোনে আজি তােক
হেঁচি ঠেলি ঠেলি আঁতৰাই থৈ
দখল কৰিলে ঘৰ
এবেলি চিন্তা কৰ।।”
বুলি সকীয়াই দিলে যাতে এলাহ নিহালী এৰি অসমৰ আবাল-বৃদ্ধ- বনিতাই অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰে। তেওঁ আশ্বাসৰ বাণী শুনালে—
“এতিয়াও হেৰ আছে সময়
ধৰ অস্ত্র ধৰ
শক্তিশালী অগ্নি কলম ধৰ
জ্ঞান সাধনাৰ গুণ গৰিমাৰ
ক্ষুৰ তীক্ষ যুক্তি বুদ্ধিৰ
হেংদাং তুলি ধৰ”
মনলৈ আহিল তাহানিৰ বৰ অসমৰ কথা। মহাপুৰুষ শঙ্কৰদেৱৰ কথা। তেওঁ অসমৰ পাহাৰ-ভৈয়ামৰ জাতি-জনজাতি সকলােকে নামধৰ্মৰ এনাজৰীৰে একত্ৰিত কৰি বৰ অসমৰ শক্তিশালী ভেটি বান্ধিছিল।
বৈশ্যদেৱে কালৰ কুটিল গতিত ভাগ ভাগ হৈ যােৱা বৰ অসমৰ সাতাে ভনীক আকৌ একতাৰ ডােলেৰে বান্ধ খাই অস্তিত্ব ৰক্ষাৰ হকে যুঁজিবলৈ কাতৰ আহ্বান জনালে। তেওঁ গালে—
“আহ আহ আমি একেলগে কৰোঁ ৰণ
বড়াে, মণিপুৰী, খাচিয়া, ত্রিপুৰী,
খামটি ভগিনী গণ
আহ আগবাঢ়ি লুচাই, নাগিনী”
কৰোঁ আমি আলিঙ্গন
একেলগে মৰোঁ একেলগে জীওঁ
একেলগে কৰোঁ ৰণ”