পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰবীন কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ দুআষাৰ

 শ্ৰীউমেশ বৈশ্যৰ ‘ মিলন’ কাব্যখনিৰ মূল প্ৰেৰণা প্ৰেম কিন্তু এই প্ৰেম অলপ পৃথক প্ৰকৃতি, নিতান্ত গতানুগতিক যৌৱনধৰ্মী প্ৰেম নহয়। অৱশ্যে বৈশ্য কবি ডেকা কবি আৰু ডেকা মানুহ হিচাপে যৌৱনধৰ্মী প্ৰেমৰ গীত গোৱাও তেওঁৰ পক্ষে তেনেই স্বাভাৱিক। দৰাচলতে কাব্যখনিৰ পাত লুটিয়াই পঢ়ি গ'লে সাধাৰণ প্ৰেমৰ গীত যেনেই লাগে?

চঞ্চল তুমি ৰূপহী কিশোৰী
 চঞ্চল তোমাৰ হাঁহি,
হলো চঞ্চল দেখি মনোহৰ
 পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
 ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
 নোকোৱা কথাটি বুজি।

 কিবা কাৰণত এই প্ৰেমিকাটি কবিৰ পৰা আঁতৰি গৈছিল। তাৰ পিছত বিৰহৰ অনুভূতি, প্ৰেয়সীৰ অবুজ আচৰণ বুজিবৰ বৃথা চেষ্টা, কবিৰ প্ৰেমময় চিত্তৰ জয়লাভত আস্থা প্ৰকাশ ইত্যাদিৰ দীঘলীয়া পংক্তিবোৰ বিচিত্ৰ ছন্দৰ মাজেদি বিচিত্ৰভাৱে ব্যক্ত কৰা হৈছে। এইখিনিলৈ কবিতাটোক সাধাৰণ প্ৰেম বিৰহৰ ছন্দময় প্ৰকাশ যেনেই লাগে। কিন্তু অলপ সাৱধানে লক্ষ্য কৰি গ'লে অনুমান কৰা টান নহয় যে এই সাধাৰণ কথাৰ মাজতো অসাধাৰণ বা বিশেষ কিবা এটা আছে যিটোৱে গোটেই কবিতাটোৰ প্ৰকৃত মূল্য নিৰূপণ কৰিব। হেৰাই যোৰা প্ৰিয়াৰ ছবিটি নৈসৰ্গিক জগতত বিচাৰি হাবাথুৰি খোৱা, প্ৰিয়া সৰগলৈ গুচি যোৱা বুলি অনুভৱ কৰা, দুয়োটি প্ৰাণ একেটি বুলি ভাবিবপৰা ইত্যাদি কথাত ইয়াৰ আভাস আছে। তদুপৰি তলৰ পংক্তিটোৱে স্পষ্টতৰ ৰূপত ইয়াৰ ইংগিত দিছে। নিজৰ মনক কবিয়ে কৈছে—