পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


মোৰ হৃদয়ৰ দুপাৰে।
তুমি মাদুৰি কপোৱা
শীতল মাধুৰী মলয়া
তোমাৰ আঙুলিৰ আগলিত
এলানি সোণসেৰীয়া সোণাৰু
আজি দুগালত তিবিৰাই নীলাভ অশ্ৰু
তোমাৰ সুজলা-সুফলা সোঁৱৰণীত
বট-বীজে চানি ধৰক
চানি ধৰক চেনেহী আকুঁহি ধৰাক
আজি আলফুলে আঁকোৱালি ল'লো
স্নিগ্ধস্নাতা ব্ৰহ্ম নিৰ্মালী তোমাৰ॥