পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

অত্যন্ত সহায় কৰিছিল প্ৰয়াত উমেশ বৈশ্য ছাৰদেৱে। এই আলোচনীখনৰ সেই বৰ্ষৰ ছাৰ তত্ত্বাৱধায়ক আছিল। তেখেতে মোক আলোচনীখন উলিয়াওঁতে সকলো সহায়-সহযোগিতা কৰিছিল আৰু উপদেশ দিছিল।

 আৰু এটা বৰ্ষত (১৯৭৮-৭৯ বৰ্ষ হ'ব পাৰে!) মই যেতিয়া সমাজসেৱা বিভাগৰ সম্পাদিকা হিচাপে এই স্কুলৰ নিৰ্বাচনত জয়ী হৈছিলোঁ; তেতিয়াও উমেশ বৈশ্য ছাৰ সমাজসেৱা বিভাগৰ তত্ত্বাৱধায়ক শিক্ষক আছিল; আৰু স্কুলখনৰ গঠনমূলক কামত আৰু চাফচিকুণকৈ ৰখা কামত মোক যথেষ্ট গঠনমূলক উপদেশ দিছিল আৰু সহায়-সহযোগিতা কৰিছিল।

 মই বাণীকান্ত স্কুলত পঢ়ি থাকোতে স্কুলখন হাইস্কুল পৰ্যায়লৈহে আছিল কিন্তু পিছত শুনিলো আমাৰ স্কুলখন উমেশ বৈশ্য ছাৰ আৰু কেইবাজনৰো প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিক স্কুললৈ উন্নীত হ’ল। ছাৰ থাকোতেই স্কুলখন ১৯৯১ চনত উচ্চতৰ মাধ্যমিক স্কুললৈ উন্নীত হয়। ছাৰে ১৯৯২ চনত একে বিদ্যালয়তেই বিষয় শিক্ষক হিচাপে একাদশ আৰু দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰিছিল। ১৯৯৩ চনত সেই স্কুলৰ উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

 মই বাণীকান্ত স্কুলত পঢ়ি থাকোতে সাহিত্য-সংস্কৃতিৰ প্ৰতিযোগিতা বিলাকত অসমৰ ভিতৰত গল্প, প্ৰবন্ধ, কবিতা প্ৰতিযোগিতা আদিত (বিদ্যালয় পৰ্যায়ত) যোগদান কৰি সকলোতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু প্ৰতিযোগিতাৰ ফলাফলৰ বাতৰিও কেইবাখনো বাতৰি কাকতত ওলাইছিল। এই প্ৰতিযোগিতাবোৰত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল আৰু মাজে- সময়ে কিছুমান মোৰ লিখনি উমেশ বৈশ্য ছাৰদেৱে চকু ফুৰাই দিছিল আৰু শুধৰণী কৰি দিছিল।

 মই সৰুৰে পৰাই প্ৰথমতে হাৰমনিয়ামত এবছৰমান আৰু পিছত বেহেলা শিকিছিলোঁ। উমেশ বৈশ্য ছাৰদেৱে মোক সা-ৰে-গা-মাৰ বা সংগীতৰ প্ৰাথমিক জ্ঞানখিনি আমাৰ ঘৰত আহিলে কেতিয়াবা দিছিল। মই জনাত ছাৰে বিৰুবাৰী আৰু কালাপাহাৰত দুয়োখন সংগীত বিদ্যালয়তেই সংগীত শিক্ষা প্ৰদান কৰিছিল। উমেশ বৈশ্য ছাৰৰ প্ৰতিভা আছিল বহুমুখী। তেখেতে মই জনাত ১৯৬২-৬৪ চনলৈ গুৱাহাটীত সুধীৰ চৌধুৰীদেৱৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। তাৰ পিছত ১৯৬৫ চনত বীৰেন্দ্ৰ ফুকনদেৱৰ সান্নিধ্যলৈ আহি তেখেতৰ তলত সংগীত শিক্ষা লাভ কৰিছিল। ছাৰে যেতিয়া চাইকেলখন চলাই চলাই স্কুললৈ