পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

সংগীত বিদ্যালয় স্থাপন কৰি সংগীত শিক্ষা প্ৰদান কৰি বহু ছাত্ৰ-ছাত্ৰীক উপকৃত কৰি থৈ যায়। অৱশেষত বৈশ্য ছাৰৰ সহধৰ্মিণী ৰিণা বৈশ্যৰ লগতে চাৰিটি পুত্ৰ সন্তান এৰি ১৯৯৮ চনৰ আগষ্টৰ ১ তাৰিখে ইহলীলা সম্বৰণ কৰে।

১৫১সুৰ সন্ধানী স্বৰ্গীয় বৈশ্যদেৱে উদাৰ, মৰম, নম্ৰতা আদিক প্ৰাধান্য দিছিল। তেখেত এজন নীৰৱ সাহিত্যিক। দেশপ্ৰেমমূলক গীত, কবিতা, গানবোৰ নিজে লিখি লিখি প্ৰকাশ কৰাৰ মানসেৰে পেৰাৰ ভিতৰতে ৰাখি থৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ বাবে তেখেতৰ সপোন বাস্তৱত পৰিণত নহ’ল। যাহওক পত্নী আৰু পুত্ৰৰ উদ্যোগত উক্ত লিখনিবোৰ প্ৰকাশৰ প্ৰচেষ্টা চলি আছে। এই প্ৰচেষ্টাই স্বৰ্গীয় বৈশ্যদেৱৰ আধৰুৱা কামৰ পূৰ্ণতা লাভ কৰিব পাৰিব। পত্নী আৰু পুত্ৰৰ এই সবল প্ৰচেষ্টা শলাগিবলগীয়া। যাহওক স্বৰ্গীয় বৈশ্যদেৱ ডাঙৰীয়া আৰ্থিক দিশত টনকিয়াল নাছিল। সেয়ে পঢ়ি থকা কালতো কেইবাখনো স্কুলত শিক্ষকতা কৰি পঢ়াৰ খৰচ উলিয়াইছিল। তেখেতে অভাৱ অনাটনৰ মাজত থাকিও নিজেই উপাৰ্জন কৰি পঢ়িছিল। জীৱনৰ বেছিভাগ সময় লিখা কামতে ব্যস্ত থাকি নিজকে এজন আদৰ্শবান ব্যক্তি হিচাবে প্ৰতিষ্ঠিত কৰিব পাৰিছিল। সৰ্বশেষত গুণমুগ্ধ ব্যক্তিজনৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।

(লেখিকা এগৰাকী সমাজসেৱিকা। শ্ৰীযুতা বৰ্মন, তেওঁৰ জীয়ৰী তথা তেওঁৰ স্বামী প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰী/ছাত্ৰ আছিল।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)