পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

মনে মনে ভাবিচিন্তি আসিলা গৃহক।
নকহিলা ইটো কথা কাহাৰো আগত॥১৬৩
উগুল থুগুল মনে গুণিবে লাগিলা।
দুই চাৰি দিন পৰে পুনঃ তৈকে গৈলা॥
সিদিনাৰ কথা আৰু অতি অদভুত।
শৃগালী আছিলা বসি গাতৰ মুখত॥ ১৬৪
দেখি ভূঞাঁ শৃগালীৰ কাষ [১] চাপি গৈলা।
আগ বাঢ়ি গৈয়া তাই সেৱা এক কৈলা॥
কাষৰক আসে আৰু উলটিয়া যাই।
বিস্ময় মানিয়া ভূঞাঁই আছে তাইক চাই॥ ১৬৫
ভূঞাঁই ভাবে ইটো কথা কিনো বিপৰ্য্যয়।
আচোক পলাই যাইবে খেদিয়া আসয়॥
কাণ্ড [২] দেখি তৈৰপৰা উলটি আসিলা।
পণ্ঠত আসন্তে ভূঞাঁই বিস্তৰ গুণিলা॥১৬৬
গৃহত নাছিলোঁ গইছিলো গঙ্গা স্নানে।
ভাণ্ডিলা [৩] সুৱতী তাইক জানিলোহো মনে॥
এহিবুলি গুণি গাণ্ঠি গৃহত পশিলা।
নিৰ্জ্জন স্থানত গৈয়া চাণ্ডাত সুধিলা॥১৬৭


  1. ওচৰ
  2. কাৰ্য্য কাম।
  3. ভণ্ডনা কৰিলা প্ৰকৃত কথা লুকুৱাইলা।