এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)
ঈশ্বৰক হিংসা কৰে যিটো দুষ্টজনে।
মৰিবে আপুনি তাক নজানয় মনে॥
জানিবাহা এই দুষ্টা নাৰীসকলৰ।
আগে ভাল দেখে পাছে হৈবে অথন্তৰ॥ ১৩০
শিশুক ৰাখিলা হৰি ভকতিৰ বলে।
বঞ্চিলা বৰিষ গৰ্ত্তে মহা কুতুহলে॥
সৰ্প ও শৃগাল সমে ডাঙৰ ভৈলন্ত।
দেখা কেনে ভকতিৰ বল অপৰ্য্যন্ত॥ ১৩১।
আকে জানি সৰ্ব্বলোক মনথিৰ কৰা।
পৰকাল বিত্ত হৰি নাম ডাটি [১] ধৰা॥
ইহজন্মে ৰক্ষা কৰি থাকিবেক হৰি।
কৃষ্ণৰ চৰণে যিটো ভক্তি থাকে কৰি॥১৩২।
শুনা সৰ্ব্বজন দোষ নধৰিবা মোৰ।
কিবা অৰ্থ ভৈলা কিবা নভৈলা ইহাৰ॥
আমি শিশু অল্পমতি শাস্ত্ৰ জ্ঞান নাই।
আকে জানি দোষ মোৰ ক্ষমিতে জুৱাই॥১৩৩৷
স্বভাৱতে ইতো কথা তাহানি কালৰ।
কিছু মুঠ কথা আছিলেক মহন্তৰ॥
কবিয়েসে এনে কাৰ্য্য কৰিবে লাগয়।
কথাৰূপে মুঠ জান আছিলা নিশ্চয়॥১৩৪
- ↑ ডাঠমনে, সুদৃঢ় ভাবে।