পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)

সুকোমল ছাৱা গুটি পৰম সুন্দৰ।
যেন পদ্মফুল গুটি চৰুৰ ভিতৰ॥
চাৰু চক্ষু মুখ পদ্ম দেখন্তে তৃপিতি।
কোনে নাকান্দিবে তাৰ দেখিয়া বিপত্তি॥১২৫
কুন কুনি শুনি মাত্ৰ চৰুৰ ভিতৰ।
এক জোপা ফুল আছে পাইলা তাতপৰ॥
দেখে অন্ধকাৰ ঝাহ্নি [১] বিপৰীত বৰ।
চৰুগুটি থৈয়া নিয়া তাহাৰ ভিতৰ॥১২৬॥
নামত কেতকী ফুল চোপা বিপৰীত।
কতো দূৰ জুৰি আছে লতায়ে সহিত॥
ভিতৰ কৰিয়া তৈতে চৰুগুটি থৈলা।
তৈৰপৰা তিৰি বুঢ়ী উলটি আসিলা॥১২৭
দেখা সভাসদ কিনো কাৰ্য্য অদভুত।
যিহেতু বৈষ্ণৱ তান কথা আচৰিত॥
তাতেসে ৰহিলা প্ৰাণ হৰিৰ কৃপাত।
ৰহিবে লাগয় কীৰ্ত্তি ইটো জগতত॥১২৮।
মহা তেজ বীৰ্য্য লৈয়া পৃথিবীক আইলা।
ঈশ্বৰৰ প্ৰিয় যাতো তাতে নমৰিলা॥
যেহেন পুতনা দিলা বিষ স্তন পাণ।
পুতনাক বধ হৰি ৰাখিলা পৰাণ॥১২৯॥


  1. লতাপাতা আদিৰে ঘোপমৰা এন্ধাৰ ঠাই।