পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯৬)

আকে জানি মোৰ দোষ ক্ষমা সৰ্ব্বজন।
গণিতা কুলত জন্ম নাহি শাস্ত্ৰ জ্ঞান॥
দ্বিজকুলে জন্ম ভৈলোঁ জাতিত উত্তম।
নাহি ভক্তি মাধৱত সেয়েহে অধম॥৪৭৭
সূৰ্য্য বিপ্ৰ কুলে জন্ম মই অধমৰ।
দৰঙৰ মধ্য গ্ৰাম চাপৰাত ঘৰ॥
কৰি কৰি ফুৰো নাম কবি সুচণ্ডাই।
চাউল মাগি ফুৰো ইটো কবিতা বৰ্ণাই॥৪৭৮
গুৰিখাৰ দোষ নধৰয় মহাজন।
দাস কৰি লোৱা মোক সিদৰে সুজন॥
জয় জয় পূৰ্ণ ব্ৰহ্মা অগতিৰ গতি।
তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণতি॥ ৪৭৮
তুমি যদি ভক্তিদান নকৰা আমাত।
মাগিবেক ব্ৰহ্মা লক্ষ্মী কেমনে তোমাক॥
এতেকে ভক্তত ভক্তি কৰিয়োক দান।
একান্ত ভকতি হৌক তোমাৰ চৰণ॥৪৮০
মুখে নাম হৃদি ৰূপ সঙ্গ ভকতৰ।
ইয়াকে আগোহে প্ৰভু চৰণে তোমাৰ॥
শুনা সৰ্ব্বজন কৰা হৰিত ভকতি।
তেবেসে তৰিবা সুখে সংসাৰ দুৰ্গতি॥৪৮১
পুত্ৰ ভাৰ্য্যা বিষয়ক মিছা মানি মনে।
ভজিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰণে॥
নামেসে তৰাইবে আনি এৰা আন কাম।
পতিত পাৱন ডাকি বোলা ৰাম ৰাম॥৪৮২

—:: সমাপ্ত ::—