পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৮)

নাৰায়ণ দেৱ নামে উমানন্দ নাতি।
দুয়ো জনে কৰিলন্ত মহন্ত পিৰীতি॥৪২৮
একে লগে থাকে দুয়ো একেলগে খাই।
যৈতে ৰাতি তৈতে কাতি এৰান নাযাই॥
অৰণ্যত থাকে নিশা গায়ে নাহি তত্ব।
শৰীৰৰো বস্ত্ৰৰ যে উমান নাপান্ত॥৪২৯
খনো পিন্ধে খনো তৰে খনো যে খসাই।
এহিমতে অৰণ্যত নিশাক খেদাই॥
হস্তী বাঘ ভালুক যে মহিষ সহিতে।
একেলগে শুই থাকে শুদা মৃটিকাতে॥৪৩০
এহিমতে দুয়ো যেবে বনত ৰহিলা।
এক যে বৰিষ জুৰি অৰণ্যে আছিলা॥
বনফুল আহাৰ শয়ন ধৰণীত।
গাৱত বস্ত্ৰৰ জানা সঞ্চ নাহিকন্ত॥৪৩১
পিতৃসকলৰ মহা কৰ্ম্ম যত যত।
বনতে কৰয় দুয়ো মহা আনন্দত॥
অসংখ্যাত ফল মূল আনয় বিচাৰি।
বাঘ ভালুক আদিক মাতয় জ্ঞাতি কৰি॥৪৩২
হস্তী যে মহিষগণ আসে নিৰন্তৰ।
এহি সব জ্ঞাতি জানা বনৰ ভিতৰ॥
এহি মত ৰঙ্গ কৰি কৰে কৰ্ম্ম যত।
বঞ্চিলা বৰিষ জানা অগাধ বনত॥৪৩৩