পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাণিকীৰ উঠিল খঙ “বন্দি এধা কটা।
এনেটো নিধক নাই নাক কাণ কটা”॥
এই বুলি উঠি গল গালি পাৰি পাৰি।
অইনো এঘৰ পালে এই ঘৰ যে ভাবি॥
“কপাহ আছেনে” বুলি শুধিলে আকউ।
ঘৈণীয়ে লগালে মাত “ভাত খোৱা নৌ”॥
দুনাই লগালে মাত “কপাহ বিচাৰি।
আহিছো নেলাগে মোক ভাতৰ বাতৰী”॥
বাৰু তেন্তে বহা তাতে উঠো ভাত খাই”।
মাণিকীয়ে কলে “মোৰ দৰকাৰ নাই"॥
ঘৈণীৰ উঠিল খঙ আহিলে ওলায়।
চুৱা হাতে জাৰুটাৰ ললেহি উঠায়॥
ভয়ত মাণিকী বাই বেগাই পলাল।
ওপৰত বনে ছতা এবুকুৱা খাল॥
এটাত পৰিল দেহি ধোমোৰাই খহি।
লাজত মুৰ্চ্ছিত হই আছে তাতে বহি॥
শিপিনীৰ বুদ্ধিবোৰ ফোপ চুঙা বুদ্ধি।
পাঠক ফুৰুলি মাৰা বুদ্ধি হক শুদ্ধি॥



ঘোষা।—শিপিনী কেনেকৈ পৰিলাঁ, খালত ধোমোৰায়
যাওঁতে বুকুৱা, খালত হৰে হৰে ৰাম নাৰায়ণ।