পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাকিমে বুলিলে “এই খন বলি কিবা”?
মাণিকীৰে “কাপোৰ” বুলি কামুৰিছে জিবা॥
হাকিমে হুকুম দিলে জালোৱা ডোমক।
“নি তঁহতি তত কৰ এই কাপোৰক”॥
জাল বুলি সবে ক’ব তথাপি কাপোৰ।
বুলি মাণিকীয়ে কই ধৰিছেহি চোৰ॥
কাপোৰ লৈ ডোমে শীঘ্ৰে প্ৰমাণ লৈ গ’ল।
খেৱ দিলে নদী মাজে টনাটনি হ’ল॥
টানি নিলে ঘঁৰিয়ালে আনিব নোৱাৰি।
এৰি দিলে ঘঁৰিয়ালে কাপোৰ নিলে কাঢ়ি॥
আৰো গল তাৰো গ’ল সকলোৰে গ’ল।
পাঠক ফুকলি মাৰাঁ সমাপতি হ’ল॥
আহা হা হা হা উব্ধ তানা না না না॥


পাঠক! শিপিনীৰ ৰহস্য দেখি কেইটিমান
গীত গাই তামাচা কৰিবৰ মন গল। খং
নেখাবা দেই!—

১। “তামোল খাওঁৱে পতি তিতা মোৰ বিধতা
হায় হায় দেহি ৰিধতা ছালি খাওঁৱে পতি তিতা।
বিদা-বিদা লগাই কাপোৰ বব পাৰো ময়
হায় হায় দেহি বিধতা চোৰে নিয়ে বুলি চিতা”॥
২। চেৱ বাঁহী মৰা নাচনি।