পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

দেখিলেহি ভালুকক জালে পৰিথকা।
ওফৰালে হিলৈ ঋক্ষ হল থকা ৰকা॥
এৰুৱাই ভালুকক জাল খন নিলে।
জাল দেখি ছিকাৰীৰ আনন্দ মিলিল॥
অ'ত ত'ত পাতি ফুৰে পহু লাগক বুলি।
এদিনা কোনোবা চোৰে লই গ'ল তুলি॥
আগ গুৰি চাই চোৰে বেচিবলৈ নিলে।
গৰাকী শিপিনীৰ তাতে চকুটো পৰিলে॥
এ-হে-ৱা।

ঘোষা।—কেনেনো শিপিনী, কাপোৰ চোৰ ধৰিণী,
কাপোৰৰে গুণে তোক সবে পাব চিনি।
পদ।—লাগিলে কাজিয়া তাতে কাপোৰৰ গুণে
মাণিকীয়ে ক'লে “তোক্ কাপোৰ দিলে কোনে”?
চোৰে বোলে “এনেকুৱা দেখিছ কাপোৰ।
জাল বুলি জনা নাইনে? কণা চকু তোৰ”।
মাণিকীয়ে মহা খঙে দাঙিলে লাখুটি।
চোৰে পাছে ঘপৰাই ধৰিলে গৈ পুতি॥
মহাযুঁজ হে্ঙগাম্ টনাটনি হ’ল।
বজাৰৰ সকলোৱে ওচৰ চাপি গ'ল॥
এৰুৱালে সকলোৱে ধৰাধৰি কৰি।
চিপাহিয়ে দেখি দুয়োতাকে নিলে ধৰি॥