এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )
“কপাহ আছেনে” বুলি মাতিলে ঘৈণীয়ে।
“বহাঁ তাতে এতিয়ানো ঢৰা কোনে দিয়ে”॥
খাবলৈ বহিছোহি ভাতৰ পাতত।
খন্তেক বহাঁছোঁ দেও খাঁও যত পত”॥
দুখে ভোকে লাল কাল খঙত অস্থিৰ।
কিবাটো ওলাল খঙ উঠিলে ঘৈণীৰ॥
চুৱা মুখে আহি মোক আনিলে খেদাই।
মাৰিলো ভীৰাই লৰ হামখুৰি খাই॥
পৰিলো খালত ময় ধোমোৰাই খহি।
ভাবোতে অস্থিৰ মোক কোনে তুলিবহি॥
ভাগ্য বলে তুমি গই আনলা উঠাই।
দুখৰ বাতৰি মোৰ কবলই নাই”।
লাহেকৈ লগালে মাত ঘৈণীয়ে ঘৰৰ।
“আমাৰে কপাহ আছে নেলাগে পৰৰ॥
বিচাৰি ফুৰিব দেও যত লাগে নিবা”।
মাণিকীয়ে ক’লে “বাৰু কেনেকৈনো দিবাঁ”॥
ঘৈণীয়ে দৰালে দৰ “আধলিত সেৰ।
সিকিত আধেৰ আৰু টকাত দুসেৰ”॥
“দিয়া বাৰু পোৱা মোণ লবা যত হয়”।
দিলে জুখি তেতিয়াই টোপোলাকৈ লই॥
আহিলে মাণিকী বাই ফোঁপাই জোপাই।
ছদিন নুঠিলে দেহি থাকিলে জ্বৰাই॥