পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

 মোৰ এই প্ৰৱন্ধ কেইটা, নৰ্মাল স্কুলৰ তৃতীয় বাৰ্ষিকত পঢ়াবলৈ কৰা মোৰ টোকাৰ পৰা সংগ্ৰহ কৰা। সম্প্ৰতি সেই শ্ৰেণীৰ পাঠ্যৰ উপযোগী কৰি এই কিতাপখনো যুগুত কৰা হল। গতিকে প্ৰৱন্ধৰ মাজত শিক্ষকে ছাত্ৰক সম্বোধন কৰাৰ যি চিন দেখা যাব, সি মাৰ্জনীয়।

 জ্ঞানী-বুজা অভিভাৱক সকলক, শিক্ষাৰ মৰ্ম কি, সেই কথা কোৱাও মোৰ অন্যতম উদ্দেশ্য। ইতি।

 
যোৰহাট নৰ্মাল স্কুল।
জুন, ১৯২৩
শ্ৰীশৰৎচন্দ্ৰ গোস্বামী