পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শিক্ষা-বিচাৰ

ঘটনা পোৱা গল যাৰ ব্যাখ্যা এই মত অনুসৰি দিব নোৱাৰি, তেতিয়া সৌৰ-কৈন্দ্ৰিক মত ভাবি চিন্তি স্থিৰ কৰা হৈছে। সময়ত এনে কিছুমান ঘটনা ওলোৱা সম্ভৱ, যাৰ ব্যাখ্যাত এই মতো যথেষ্ট নহব পাৰে। তেতিয়া পণ্ডিতসকলে নতুন মত এটা স্থিৰ কৰিব লাগিব। এই দৰে ‘মহাকৰ্ষণ’ ‘মাধ্যা- কৰ্ষণ’ প্ৰভৃতি সকলো মত ৰ ‘থিওৰিৰ’ এই দশা। যন্ত্ৰ কল কব্জা ইত্যাদিতো এই কথা খাটে। যেনে বাইচিকল, কাচ, লোহা, ইত্যাদি কোনেটো বস্তু সম্পূৰ্ণ নহয়; সময়ৰ লগে লগে উন্নতি আৰু পৰিবৰ্তন হবই লাগিছে।

  জীবনৰ উদ্দেশ্য বিষয়েও এনেকুৱা কোনো পণ্ডিতে আজি পৰ্য্যন্ত জীৱনৰ উদ্দেশ্য এই দৰে নিৰূপিত কৰি দিব পাৰা নাই যে সি সকলো সময় আৰু সকলো দেশৰ প্ৰতি সত্য। অথচ প্ৰত্যেক জাতিএ, প্ৰত্যেক সমাজে, এনে কি প্ৰতিজন ব্যক্তিএ, জীৱনৰ লক্ষ্যটো জ্ঞাত বা অজ্ঞতসাৰে বুজি লৈ হে জীৱন যাপন কৰিব পাৰিছে। এই বিষয়তো

নাসৌ মুনিৰ্যস্য মতং ন ভিন্নম্‌

কিন্তু অলপ গমি চালেই দেখা যায় যে ধৰ্মৰ তত্ত্ব-নিহিত এই গুহাৰ ভিতৰত পোহৰৰ ৰেখাৰ তেনেই অভাৱ হোৱা

 

* এই প্ৰবন্ধ ১৯১৭ চনত লিখা। তেতিয়া ৰুচিয়াৰ বিদ্ৰোহ আৰম্ভ হৈছে; মহাৰণ বৰ প্ৰকোপেৰে চলিছে; আৰু অধ্যাপক ইনষ্টিনৰ Relativity Theory প্ৰকাশ হোৱা নাই।