পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শিক্ষা বিচাৰ

দি ওলাই আহা। যদি কেৰানি-কৃত্যৰ দ্বাৰা জীৱন কৃতকৃত্য কৰিবলৈ বিচাৰা, তেন্তে মেট্ৰিককে মাতৃ বুলি ধৰি এপ্ৰেন্টিচ দুবাৰ-দলিত ভৰি দিয়া। আৰু যদি শিক্ষকতাৰ নিকাৰ ভূঞ্জিবৰ বাসনা, তেনেহলে হয় আমাৰ এই যন্ত্ৰৰ ভিতৰলৈ আহা, নহয় ইস্তফা-পত্ৰ লিখিবলৈ শিকি লোৱা। সভ্য সমাজত জীৱন-যাত্ৰা-নিৰ্বাহৰ আন অনেক উপায়ৰ কথা শুনা যায়; কিন্তু আমি পবিত্ৰ আৰ্য্যবংশোদ্ভৱ মানুহে হাত-ভৰি লৰি, হাতুৰি কোবাই, দাঁৰী-পাল্লা ধৰি, বা হালৰ মুঠিক অৱলম্বন কৰি, টকা আৰ্জিব লাগিলে, আমাৰ ইমান পুৰণি- কলীয়া আৰ্য্য জাতটো থাকে কেনেকৈ।

  মুঠ কথা, জীৱনৰ যি উদ্দেশ্য সেই উদ্দেশ্য সাধনত সহায় কৰিবলৈ আমাক শিক্ষাৰ আৱশ্যক, আমি ইয়াকে বুজি ললোঁ।

নীতি-শাস্ত্ৰত (Ethics) জীৱনৰ উদ্দেশ্য-বিষয়ক মতবাদ

  ১৩। ৰক্তবীজ দানবৰ কথা নিশ্চয় তোমালোকে শুনিছা। এই অসুৰৰ হেনো মূৰটো কাটিলে যি কেইটোপা তেজ মাটিত পৰে আকৌ সেই কেইটা ৰক্তবীজৰ পুনৰুদ্ভৱ হয়। মোৰ প্ৰৱন্ধটোৰো দুৰ্দশা তেনে হৈছে। ইয়াৰো এটা প্ৰশ্নৰূপী তেজৰ পৰা আন এটা প্ৰশ্ন উপস্থিত হৈছেহি।

  কিন্তু সেই বুলি বেছি ভয় খোৱাৰ আৱশ্যক নাই।