পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শিক্ষা-বিচাৰ

  এই ভূঞাৰ পোৱালী হোৱাৰ এটা গুণ আছে, এটা মহত্ত্ব আছে।

  কিন্তু ইয়াতেই পূৰ্ব-জন্মৰ সংসাৰৰ লগত মিল শেষ। পূৰ্ব- জন্মৰ সংস্কাৰ হৈছে ব্যক্তিগত— মই নিজে যি কৰোঁ তাৰ ফলাফল পাছৰ জন্মত ভুগিবলৈ পাওঁ। কিন্তু কুল-সংক্ৰমণ পুৰুষানুক্ৰমিক— মোৰ শক্তি বা দৌৰ্বল্যৰ কাৰণে মই নিজতকৈ মোৰ পিতৃপুৰুষ সকল হে বেছি দায়ী; আৰু ই মানব-জাতি- গতও— গোটাই মানব জাতিএ ইমান দিনে যি অভিজ্ঞতা সঞ্চয় কৰিলে, তাৰ ফলত বৰ্তমানত আমি এই প্ৰকাৰে চলিব পাৰিছোঁ।

  পূৰ্ব-জন্মৰ সংসাৰেই বোলা বা কুল-সংক্ৰমণেই বোলা, ইয়াৰ লগত শিক্ষাৰ তিমান সাক্ষাৎ সম্বন্ধ নাই। বংশ-পৰম্পৰাই যি দোষ বা গুণৰ অধিকাৰ লৈ শিশু জন্ম গ্ৰহণ কৰে তাক আমি আচলতে পৰিবৰ্তন কৰিব নোৱাৰোঁ। সেই দেখি তাৰ প্ৰভাৱ আৰু সেই প্ৰভাৱৰ গুণত যেনে বিকাশ হোৱাৰ কথা, তাতে আমাৰ তিমান হাত নাই।

  কিন্তু সেই বুলি মানব সমাজৰ হিতৈষী সকল নিৰন্ত থাকা নাই। বতৰ্মান পীৰীৰ কাৰণে বিশেষ একো কৰিব নোৱাৰিলেও, ভবিষ্যত পীৰীৰ মঙ্গলৰ বাবে অনেক কৰিব পাৰি বুলি তেওঁলোকে ভাবে। সেই অৰ্থে পশ্চিমৰ অনেক দেশত যথেষ্ট চেষ্টাও চলিছে। বৰ্তমান পীৰীক ভালমতে শিক্ষা দি আমি