পৃষ্ঠা:শান্তি-কৱচ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
শান্তি-কৱচ


(৮) বিপদতহে প্ৰকৃত চৰিত্ৰই গঢ় লয়। চৰিত্ৰ অব্যৰ্থ বীজ; বালি বকৰানি য’তে পৰক। সুবৃক্ষ গজি উঠিবই।

(৯) সহজবোধ শিক্ষাৰ ফল নহয়, উপফলহে; ই প্ৰকৃতিৰ দান, ইয়াৰ সৰহ পৰিমাণেই প্ৰতিভা।

(১০) শিকিবৰ ধাউতি নোহোৱাক শিকাবলৈ যোৱা আৰু চেচা লোহা পিটি গঢ় দিবলৈ চোৱা, একে কথা; তাৰ দ্বাৰা মানুহ পিটি গাধা কৰিব পৰা হয়, গাধা পিটি মানুহ কৰিব পৰা কেতিয়াও নহয়।

(১১) ‘ক্ষুদ্ৰ’ই হওক ‘মহা'ই হওক, ‘নিঃস্ব’ই বোলা বা ‘বিশ্ব’ই বোলা, বিদ্যালয়বোৰ শিক্ষাৰ বাটচ'ৰাহে। সেইবোৰকেই বৰ ঘৰ বুলি ভবাতেই যত আপদ।

(১২) বাহিৰৰ এমোণ পাণ্ডিত্যই ভিতৰৰ এতোলা সহজ-বোধৰো যোৰ নাপায়; পাছে নামটোহে সহজ, বোধটো সিমান সহজ নহয় আকৌ!

 

(ঝ) জ্ঞান-বয়স

 

(১) যেই কুৰি বছৰ থাকিব পাৰাঁ, থাকাঁ; পাছে পোনৰ কুৰি বছৰেইহে তোমাৰ জীৱনৰ আটাইতকৈ দীঘল কাল।

(২) আগ বয়সত দিন চুটি। বছৰ দীঘল; পাছ বয়সত দিন দীঘল, বছৰ চুটি।

(৩) পোনৰ দুকুৰি বছৰ জীৱন গ্ৰন্থৰ মূল পাঠ, পাছৰ দুকুৰি তাৰ টীকা- টিপ্পনিহে।

(8) দুকুৰি জানিবা যৌৱনৰ বাৰ্দ্ধক্য, তিনিকুৰি বাৰ্দ্ধক্যৰ যৌৱন।

(৫) শৈশৱত শিকা, বয়সত বুজা।

(৬) পকা চুলি বয়সৰ চিন হ'ব পাৰে, জ্ঞানৰ প্ৰমাণ নহয় আকৌ!

(৭) পকা চুলি কেঁচা কৰি কি লাভ? মন-চিত সেউজীয়া কৰি ৰাখিব পৰাহে কথা!

(৮) বুজ আৰু জ্ঞান একে নহয়; বুজ কুঁহ-পতান মিহলি, জ্ঞান তাৰ মলখুখিনি। বুজ ভেৰেহুনা, গপত ওফন্দা; জ্ঞান হাড়-শকত, বিনয়- খীন।