পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৃত্যু

বুজিব নোৱাৰি মানুহৰ ভিতৰৰ কথা বহুতে চুকত থাকি খুলি খায় বুকু
কোনে বাৰু বুজিব পাৰিছে।
মানুহৰ এই ৰহস্যৰ পকনীয়া,
ঈশ্বৰে বুজি পায়নে? তেতিয়াহ’লে কিয় পোনবাটে নিনিয়ে মানুহক
মানুহৰ মৃত্যুইহে খুলি দিয়ে জীৱনৰ শেষ ৰহস্য
মৃত্যু সেইবাবেই চিৰ শাশ্বত॥

ৰচনাকাল : ২০০৪

১৮/শস্য তেজৰ অন্য ঋতু