পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৰখীয়া

মোৰ পথ মুকলি ফেৰ-ফেৰীয়া এই আকাশী নদী, ঘৰচিৰিকা যেন মোৰ টঙী
বাঁহী বাই-বাই মই খেদো মোৰ নিমাখিত নিৰ্জনতা,
দৈনন্দিন পাঠ কৰো সুখৰ স্তুতি— দুপৰীয়াৰ নিৰিবিলি সুহুৰিত
মোৰ উশাহ’ সন্ধ্যাৰ বৰষুণত মোৰ সঘন ভ্ৰমণ
পথাৰ-পাহাৰ, দলনি-দোপনি।

মই বিচাৰি ফুৰিছো মোৰ হেৰুৱা সুঁতি
কোন বাটেৰে গুচি গ’ল গাই- দামুৰি, খং-অভিমান-হ্ৰস্ব দীৰ্ঘ প্ৰেমৰ অনুশীলন
উভতি আহিবনে সেই সুদিন
ফুলিবনে সোণাৰু জক্ মকাবনে সৰিয়হ তলিৰ সেই আকুল দৃশ্য

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/১৭