পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিয় চিগাৰেট এৰিলো? নাই, তোমাৰ চাগৈ একো কথাই মনত নাই।

 ছায়া গৌতমীৰ ফোন নম্বৰ বিচাৰি নিয়ৰলৈ ফোন কৰিলোঁ। সি হয়তো আচৰিত হৈছে। মোৰ হয়তো সেই কথা ভবাৰ অৱকাশ নাই। ছায়াৰ আচৰণে মোক জেদী কৰি তুলিছে। ফোন লগালো ছায়ালৈ।

 ‘হেল্ল ছায়া স্পীকিং।’ সিফালৰ পৰা ছায়াৰ মাত ভাঁহি আহিল।

 ‘হেল্ল মই নৈঋতে কৈছোঁ।’

 ‘নৈঋত মানে নিয়ৰৰ দেউতাক। ছাৰ, কিবা ক’ব বিচাৰিছিল?’-ছায়াই অতি নম্ৰতাৰে ক’লে।

 ‘ছায়া, ছায়া।—মোৰ বুকু সৰকি মাত নোলাল।

 ‘ছাৰ, কিবা কৈছে?’

 ছাৰ নহয়, নৈঋত বুলি কোৱা মোক ছায়া। তুমি জানানে মই তোমাৰ কাৰণেই এইখিনি পাইছোহি। মই কোনোমতে ক’লো।

 ‘কিবা এটা ভুল হৈছে নেকি আপোনাৰ ছাৰ?’—ছায়া অতি নম্ৰ।

 ‘মই তোমাক লগ পাম নেকি ছায়া? এতিয়াই।’— মই অনুৰোধ কৰিলোঁ।

 ‘ৰাতি এতিয়া দহ বাজিল ছাৰ।’

 অলপ ৰৈ তাই আকৌ ক’লে—‘আপোনাৰ কিবা সমস্যা হৈছে নেকি? মোক কিবা ক’ব বিচাৰিছে? ঠিক আছে, আহক বাৰু।’

 ছায়াৰ ঘৰলৈ গৈ ছায়াৰ লগত যিমানেই কথা পাতিলোঁ, মই সিমানে উত্তেজিত হৈ পৰিলোঁ। তুমি অভিনয় কৰিছা ছায়া, মই জানো। তুমি মোৰ ওপৰত প্ৰতিশোধ লৈছ। নীৰৱ প্ৰতিশোধ। তুমি নাজানা এই প্ৰতিশোধৰ জ্বালাই মোক উমি উমি জ্বলাই শেষ কৰিব। মই অন্ত হোৱাটোকে বিচাৰিছা ছায়া। মই তোমাৰ অতীতৰ এটা অধ্যায়। সেই অধ্যায়টো তুমি বন্ধ কৰিব বিচাৰিছা যদি কোনো কথা নাই। কিন্তু তুমি যে মোক অচিনাকি দৰে আচৰণ কৰিছা, সেইটো কথাই মোক বৰ দুখ দিলে ছায়া।

 হতাশ মনেৰে উভতিলোঁ। অৰণ্যাক এবাৰলৈ চোৱাৰ হেঁপাহটো বুকুতে মাৰ নিবলৈ চেষ্টা কৰিলোঁ। যামগৈ তোমাৰ ওচৰৰ পৰা ছায়া। বায়ুৰুদ্ধ কোঠালিৰ উশাহ গধুৰ সময়বোৰকে মই আঁকোৱালি ল’মগৈ। মেঘালীলৈ মেছেজ এটা পঠিয়াওঁ বুলি হোৱাটচআপ খোলোঁতেই মেঘালীৰ পৰা অহা মেছেজ এটা চকুত পৰিল। কেতিয়াবাই দিছিল চাগে, মইহে গম নাপালোঁ। খুলি চালোঁ—

 ‘ছাৰ, ইট ইজ হাৰ্ড টু বিয়েৰ বাট আই হেভ টু চে দেট ছায়া ইজ এন আনৱেদ মাদাৰ। অৰণাৰ দেউতাক কোন সেইটো ছায়াৰ বাহিৰে কোনেও নাজানে। তাইৰ বিয়া হোৱা নাছিল।

 কি লিখিলে মেঘালীয়ে? তাইৰ বিয়া হোৱা নাছিল? তাই অবিবাহিতা মাতৃ? অৰণ্যাৰ কিমান বয়স হৈছে। বাৰু। পাঁচ বছৰ মানেই হ’ব তাইৰ। ভাবৰ সমীকৰণ এটাই অংকটোৰ শেষ পৰ্যায়ত যেন উপনীত কৰাইছে মোক। ভাবিব পৰা নাই। তথাপি ভাববোৰে আমনি কৰি আছে মোক। কাজিৰঙা লজৰ মধুৰ স্মৃতি এটাই মনৰ চকুত আগেৰে অগাদেৱা কৰি গ’ল। সেইখিনিতে সমীকৰণটো মিলি থাকিল। বুজাব নোৱাৰা অনুভূতিয়ে হেন্দোলিত কৰি তুলিলে মোক। যি উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ, সেই উত্তৰ পাই গ’লোঁ অতৰ্কিতে। অৰণ্যা যে মোৰেই সন্তান।

(৪৭)

নৈঋত তোমালৈ বুলি....

 কষ্টত আছোঁ। ভীষণ কষ্ট। ছাত্ৰ-ছাত্ৰী বিষয়ক আলোচনা এটাৰ অৰ্থে খাৰঘূলিস্থিত ডনবস্ক’ ইনষ্টিটিউট চেমিনাৰ হললৈ এখন সভাত অংশ ল’বলৈ আহি শাৰীৰিক অসুস্থতাত পৰি আছোঁ। হোটেল প্ৰগতি