পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কণমাণিয়ে উৎফুল্লিত হৈ কৈ উঠিল—“ছায়া। ছায়া গৌতমী”।

□□

(৪১)

নৈঋতৰ কথাৰে....

 কপালত বিন্দু বিন্দু ঘামৰ টোপাল বিৰিঙি উঠিল। তাৰ মানে? তাৰ মানে... ‘অৰণ্যা’ ছায়াৰ ছোৱালী। চেহেৰাৰ মিল আছে তাইৰ লগত। সেই কাৰণেই তাইক মোৰ ইমান আপোন আপোন যেন লাগিছিল। ছায়াক পাহৰি যাবলৈকে ছায়াৰ নামটোৰ পৰা বৰ দূৰত আছিলোঁ। মোৰ একালৰ প্ৰেয়সী, মোৰ প্ৰথম আৰু শেষ প্ৰেমৰ নায়িকা আৰু শেষত এৰাব নোৱাৰা এটা জটিল সম্পৰ্কৰ মাজত সোমাই পৰা ছায়া মই ভাবিব নোৱাৰা ধৰণেৰে ওখ হৈ গৈছিল আৰু মই চুব নোৱাৰাকৈ ঢুকি নোপোৱা বিন্দুত অৱস্থান কৰিছিল। ঠিকেই, মনত পৰিছে...ছায়াৰ ইকবালৰ স’তে খুব ভাল সম্পৰ্ক আছিল। এতিয়াও হয়তো সেই সম্পৰ্ক বৰ্তি আছে। সেই কাৰণেই ইকবালে ছায়াৰ কণমাণিজনীক লগত লৈ আনিছে। ক’ত থাকে বাৰু আজিকালি তাই? সোধোঁ নেকি অৰণ্যাক? নাই, তাই নাজানিব চাগে।

 অৰণ্যাৰ ওচৰৰ পৰা গুচি আহিলোঁ। ইকবালক লগ কৰা নহ’ল৷ অৰণ্যাৰ কথাখিনিলৈ আকৌ ওভতি গ’লে ‘পাপা নাই নহয় মোৰ।’ কি হ’ল তাইৰ দেউতাকৰ? ছায়াৰ কেতিয়া কাৰ লগত বিয়া হ’ল, সেই খবৰো মই ৰখা নাছিলোঁ। আচলতে সেই বৃত্তটোৰ মাজৰ পৰা মই কোনোমতে ওলাই অহাৰ পাছত সেই কিতাপখন মই চিৰদিনৰ বাবে বন্ধ কৰি দিছিলোঁ। ছায়াৰ একেবাৰে ভুল নাছিল। ভুল আছিল মোৰ। বলে নোৱাৰা এটা সম্পৰ্ক মই নিজেই আৰম্ভ কৰি মই নিজেই তাৰ পৰা ওলাই আহিলোঁ। বহুত দিন ধৰি মই গভীৰ পাপবোধত ভূগিছিলোঁ। লাহে লাহে নিয়ৰৰ লগত, তাৰ পঢ়া-শুনাৰ লগত নিজকে ব্যস্ত ৰাখিবলৈ লৈছিলোঁ।

 মনটো জোকাৰি দিলোঁ। কি প্ৰয়োজন আছে, দহ বছৰ আগৰ সম্পৰ্ক এটাৰ আঁত ধৰি আন নাৰীৰ যি এতিয়া কাৰোবাৰ পত্নী বা মাতৃ, তেওঁৰ বিষয়ে ইমান আগ্ৰহী হোৱাটো। let bygones be bygones. অলপ শুবলৈ চেষ্টা কৰিলোঁ। কালিও টোপনি যোৱা নহ’ল। আজিও নুশুলে শাৰীৰিক জটিলতা আহিব আৰু তেতিয়া নিয়ৰ দিল্লীৰ পৰা ঢপলিয়াই আহিব। জোৰ কৰি চকু দুটা মুদি টোপনি যাবলৈ চেষ্টা কৰিলোঁ। শেষবাৰৰ বাবে কেতিয়া দেখিছিলোঁ ছায়াক? মনত পৰিল, তাইৰ গানৰ এলবাম এটাৰ উন্মোচনৰ দিনা তাইক উৎসাহ দিবলৈকে মই তাইৰ কাষত থিয় হ’বলৈ বিচাৰিছিলোঁ। মুগাৰ সাজেৰে তাইক অতীব সুন্দৰী লাগিছিল। মঞ্চত তাই এটা গান পৰিবেশন কৰি আছিল। প্ৰতিটো গভীৰ শব্দৰ গভীৰ মাতৰ স’তে এই ছায়াজনীৰ মাজত মই কেতিয়াও দেখা নোপোৱা ৰূপ এটা দেখিছিলোঁ। মই গম পাইছিলোঁ, ছায়াক মই হেৰুৱাই পেলাইছোঁ। আন্ধাৰৰ মাজেৰে সৰকি ওলাই আহি ঘৰত সোমোৱাৰ পিছদিনাই ইউনিভাৰ্ছিটি হোষ্টেলকেইটাত তাইৰ মাতকে ভাঁহি আহিছিল। ছায়াৰ মাতে যেন মোক ইতিকিং কৰিহে গুচি যায়। লিলিপুটৰ দৰে বাওনা হৈ পৰিছিলোঁ লাহে লাহে...। টোপনি নাহে মোৰ। অৰণ্যা নামৰ কণমানিজনীয়ে মোক ছায়াৰ স্মৃতিৰ জগতখনত এৰি থৈ আহিল অকলশৰে। পেণ্ডুলাম হৈ পৰিলোঁ লাহেকৈ, ইফালে দুলিলে ছায়া আৰু এইফালে দুলিলে মই। ভাৰসাম্যহীন হৈ পৰিছোঁ লাহে লাহে। ‘পাপা নাই মোৰ’- সেয়া কণমাণিৰ মাত।

 ‘তোমাৰ জীৱনৰ উত্থান-পতনৰ আভাস মোক কিয় নিদিলা ছায়া? তোমাক সুন্দৰ ভৱিষ্যতৰ ফালে আগবঢ়াই দিবলৈকেতো মই ফালৰি কাটি আহিছিলোঁ। মাজতে যে ক’ত কি হৈ গ’ল? মোক যদি এবাৰো আভাস দিলাহেঁতেন। তোমাৰ বিষয়ে আজি বৰকৈ জানিবলৈ মন গৈছে ছায়া’— কৈ উঠিলোঁ নিজে নিজে। লেপটপটো উলিয়াই ফেচবুক লগ অন কৰি ল’লোঁ। ছায়া গৌতমী বুলি বিচাৰিলোঁ। পালোঁ। ফটো বিচাৰিলোঁ। অৰণ্যাৰ ফটোৰে ছায়াৰ এলবাম ভৰি আছে। দেউতাক হিচাপে কাকো ধৰিব পৰা নাই দেখোন। কিন্তু গোটেইকেইখন