পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শব্দৰ এলজোলামবোৰ নৈঋতলৈ বুলি

সজাইছিলোঁ, তুমি তেতিয়া ব্যস্ত আছিলা এপাহ এপাহকৈ বগা গোলাপ বোটলাত”। তাৰ পাছতো সময়ৰ কোনো এক সংযোগ বিন্দুত ছায়াৰ কোলালৈ নৈঋতৰ সন্তান আহে, যি বিষয়ে নৈঋত অজ্ঞ। তাৰ পাছত ছায়াই একাকী মাতৃৰ দায়িত্ব লৈ নৈঋতৰ ঠাইৰ পৰা আঁতৰি গ’ল। পাঁচ বছৰৰ বিৰতিত নৈঋতৰ স্বীকাৰোক্তি.....

(৪০)

পাঁচবছৰৰ মূৰত......নৈঋতৰ কথাৰে
 চেন্নাই অভিমুখী ফ্লাইটত বহি আছোঁ। প্লেখনে উৰা মাৰিবলৈ সাজু হৈছে। মাটিৰ পৰা হাজাৰ মাইল ওপৰেৰে গৈ আছোঁ। মোৰ লক্ষ্য পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰম। লক্ষ্য এজনী কণমাণি, নাম যাৰ অৰণ্যা গৌতমী। আসঃ... বুকুখন আকৌ মোচৰ খাই উঠিল। কিমান সৰু সৰু কথাবোৰ কেতিয়াবা কিমান সিদ্ধান্ত নিৰ্ণায়ক হৈ উঠে। অৰণ্যাৰ কেয়াৰ টেকাৰ গৰাকীয়ে কোৱা কথাষাৰত মই লগে লগেই সিদ্ধান্ত লৈ পেলালোঁ। ৰৈ থকাৰ সময় নাছিল মোৰ, এবাৰলৈ অৰণ্যাৰ মাকক, মানে ছায়াক, মানে ছায়া গৌতমীক লগ পাব লাগে। সুধিব লাগে তাইক, অৰণ্যা নামৰ মন হৰি নিয়া কলিটিৰ দেউতাকৰ কথা। এক ছেকেণ্ড দেৰি হ’লেও যেন বহুত অথন্তৰ হৈ যাব। কেনেকৈ যে আছিলোঁ ইমান দিন? এবাৰো খবৰ ল’বলৈ নিবিচাৰিলোঁ মই অতদিন? নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। কিয় তাইক লৈ অৰবিন্দ আশ্ৰমলৈ যাব ছায়া? কি প্ৰয়োজনত? নে এনেই ফুৰিবলৈ মাথোঁ? নানান ধৰণৰ চিন্তাই মনটো জুমুৰি ধৰিছেহি। চকুযোৰ মুদি কথাবোৰ পাগুলিয়াবলৈ ধৰিলোঁ।

 ভূপেন হাজৰিকা সোঁৱৰণী অনুষ্ঠানত কণমাণিহঁতৰ এক প্ৰতিযোগিতাত অৰণ্যাক লগ পাইছিলোঁ। এজনী পাঁচবছৰীয়া শিশুৱে এটাৰ পাছত এটাকৈ গান গাই আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইকবালৰ সতে আহিছিল শিশুটি। গোটেইকেইটা কাৰ্যসূচীতে অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ছোৱালীজনী কিন্তু বঁটা বিতৰণী সভাত অনুপস্থিত থাকিল। কৰ্মকৰ্তাসকলে তাইৰ গোটেইকেইটা পুৰস্কাৰ মোৰ কোঠাতে ৰাখি থৈ গ’ল। ঠিকনাটো জনা হলে পঠিয়াই দিব পৰা গ’লহেঁতেন। নহ’লে বিচাৰি আহিবও পাৰে।

 ইকবালক চিনি পাওঁ মই। চিনি পাওঁ মানে ভাল গান গায় বুলি জানো। লগতে সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে নিৰন্তৰ কাম কৰি যোৱা এটা চৰিত্ৰ। দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ হৃদপিণ্ড স্বৰূপ বগীবিল কেৰিয়াৰ চেণ্টাৰৰ গুৰি ধৰোঁতা। এটা চিনাকি নাম, চিনাকি চৰিত্ৰ। মোৰ ল’ৰাটোৱেও মাজে মাজে তালৈ এনেই গৈছিল। ইকবাল ছাৰ বুলি তেওঁৰ কথা কয়হি কেতিয়াবা, মানুহজন হেনো সীমাহীন জ্ঞান আৰু বিশালতাৰ প্ৰতীক। সিমানখিনিয়েই জানো তেওঁৰ বিষয়ে। ছায়াৰ লগত খুব ভাল সম্পৰ্ক আছিল ইকবালৰ। দুয়োজনকে প্ৰায়ে একেলগে দেখিছিলোঁ। অৱশ্যে সেয়া ব্যক্তিগত সম্পৰ্ক নে বৃত্তিগত সম্পৰ্ক জনাৰ উপায় নাছিল।

 সেই ইকবালৰ লগতে আছিল শিশুটি। অতিপাত মৰমলগা আৰু স্মাৰ্ট অকণমাণিজনীৰ কথা বাৰে বাৰে মনলৈ আহি থাকিল। কোনো কাৰণ নোহোৱাকৈ মনৰ মাজত বহি লৈ গোটেই ৰাতি তাই মোক ভাকুটকুটাই থাকিল। কিয় বাৰু? কিয় এজনী অকণমানি ছোৱালীয়ে মোৰ অন্তৰাত্মাক জোকাৰি গৈছে। হয়, খুব সপ্ৰতিভ তাই, খুব ধুনীয়াকৈ এটাৰ পাছত এটাকৈ গান গাই গৈছে। কেনোবা কৃষ্টিশীল ঘৰৰ ছোৱালীয়েই হ’ব। কিন্তু মোৰ ৰাতি টোপনি হৰিবলগীয়া কি কথা আছে? আচলতে দিনৰ দিনটো তাই আমাৰ মন মুহি থোৱা কাৰণেই চাগৈ ৰাতিও তাইৰ কথাকে মনলৈ আহিছে। কাইলৈ তাইৰ পুৰস্কাৰখিনি পঠিয়াই দিব লাগিব। ইকবালৰ ঘৰৰ ঠিকনা নাজানো, কেৰিয়াৰ চেণ্টাৰত গ’লে হয়তো তেখেতৰ ঠিকনা গম পোৱা যাব। মনটোক বুজাই লৈ বাগৰ সলাইছোঁ মাত্ৰ, আকৌ তাইৰ মুখখন মনলৈ ভাঁহি আহিছে। কিয় এনে হৈছে একো ধৰিব পৰা নাই। আচলতে তাইৰ মুখখন কাৰোবাৰ লগত মিল আছে। কিন্তু কাৰ লগত? মোৰ একেবাৰে ওচৰৰ কাৰোবাৰ লগত এফালৰ পৰা চিনাকি মানুহবোৰ মনত পেলাবলৈ ধৰিলোঁ। কি নাম বাৰু তাইৰ? এহ তাইৰ নামটোকে সোধা