পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওচৰৰ পৰা। সুৰ এটাই জোকাই গ’ল। সপোনো ইমান বাস্তৱ হ’ব পাৰেনে? সেই সুবাস যে মোৰ নাইটিত লাগি আছে সঁচাকৈ।

 দাপোণখনৰ ওচৰত ৰৈ থাকিলোঁ বহুত পৰ। নিবিড় কাৰোবাৰ লগত কথা পাতিবলৈ মন গৈছে। মেঘালীলৈ মনত পৰিছে। বিদেশত থকাৰ পৰাই তাইৰ লগত মোৰ সময় নিমিলে। ইকবালে ফোন কৰিছে। ঘূৰি যাবলৈ সাজু হ’বলৈ কৈছে। আৰু এইফালে মই নিজৰ স’তে কথা পাতি আছে। মায়াসনা ৰাতিটোৰ সপোনটোৰ কথাকে পাতি আছে। নিজৰ মৰমত পমি আছোঁ। গালে-মুখে হাত ফুৰাই চালোঁ। ডিঙিৰ অকণমানি দাগ এটাই যেন বিউটি স্পট হৈ মোৰ চকুযুৰি টানি আছে। আকৌ চক্ খোৱাৰ পাল। দাগটো কৰ পৰা লাগিল? কালিলৈকে চকুত নপৰা দাগ। সপোনে এনেকুৱা চিন বহুৱাই থৈ যাবনে? আকৌ দোমোজাত পৰিলোঁ, সপোন আছিল নে বাস্তৱ? দুৱাৰ খুলি চিৰিৰে দৌৰি দৌৰি তললৈ নামি আহিলোঁ। ৰিচেপচনৰ ল’ৰাটোৰ ওচৰ পালোঁগৈ। সুধিলোঁ— ‘নৈঋত বৰুৱা বুলি কোনোবা এই ল’জতে আছে নেকি?’

 মোৰ আচৰিত কৰি ল’ৰাজনে উত্তৰ দিলে— ‘হয় ম্যাডাম, কালি ইয়াতে আছিল। আজি ৰাতিপুৱাই গুছি গৈছে। আপুনি মিছ ছায়া নেকি? তেওঁ এনভেলপ এখন দি থৈ গৈছে।’

 ‘অহ মাই গড...’ হাত পাতি ল’লোঁ। সপোন নাছিল সেয়া। সঁচাকৈ তুমি আছিলা। কিমান যে কথা পাতিব লগা আছিল। একোৱে পতা নহ’ল যে। একোৱে মনত নাই মোৰ। ৰূমলৈ দৌৰি সোমাই আহিলোঁ। বৰ্ণিল ৰাতিটোৰ বৰ্ণিল হাতৰ ভাঁজৰ বৰ্ণিল এনভেলাপটো খুলি ল’লোঁ। কাগজ এটুকুৰা সৰি পৰিল। চালোঁ... তোমাৰ আখৰ—‘ছায়া, মই কিজানি ক্ষমাৰো যোগ্য নহওঁ। তোমাক এই পৰিবেশত ইমান ওচৰৰ পৰা পাম বুলি ভবা নাছিলোঁ। ভুল হৈ গ’ল ছায়া। ক্ষমা কৰিব পাৰিবানে তুমি মোক? টেক ৱান টেবলেট ইফ য়ু ডন্ট মাইণ্ড'।

 আসঃ.... কিমান খিনিলৈকে ভাবিব পাৰোঁ মই? কাণ-মূৰ গৰম হৈ আহিল। কি হৈ গ’ল এয়া? একো নজনাকৈ, একো নভবাকৈ কি হৈ গ’ল এয়া? ইমান সংগোপনে কোনফালে সুৰুঙা বিচাৰি তোমাৰ অনুভৱবোৰ ওলাই যাব নোৱাৰাকৈ মোৰ ভিতৰত ভৰাই ল’লোঁ মই? দুহাতেৰে মুখখন ঢাকি ল’লোঁ... বহুত পৰ। পাপ-পূণ্যৰ বিচাৰ কৰি ৰৈছে বাৰে বাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কটো মনটোৱে পাপ বুলি মানি ল’ব বিচৰা নাই এবাৰো। বুজাব নোৱাৰি কান্দি পেলাইছে মনজনীয়ে। মই তোমাক বিচাৰি যোৱা নাছিলোঁ, তুমিও মোক বিচাৰি অহা নাছিল। অথচ আমি এক হ’লোঁ। হয়তো ভগৱানৰে ইচ্ছা আছিল। কালিৰ শিৱৰাত্ৰিটো যেন আমাৰ মিলনৰে অঘোষিত গাথা। শিৱ-পাৰ্বতীৰ কথা মনলৈ আহোঁতেহে মনটো পাতল পাতল যেন লাগিল। এয়াতো কোনো নিষিদ্ধ কোণৰ অভিসাৰী নিশা নাছিল। সেয়া নিতান্তই এটা সংযোগ আছিল। মইতো ভগৱানক সাক্ষী কৰি তোমাৰ নামত কেতিয়াবাৰে পৰাই সেন্দুৰ পিন্ধি আহিছে।

  ইকবালে ফোন কৰি আছে। ঘূৰি যোৱাৰ প্ৰস্তুতি শেষ হৈছেনে নাই সুধিছে। দাপোণখনৰ ওচৰৰ পৰা বাথৰূমলৈ গ’লোঁ। গা ধুই আকৌ দাপোণখনৰ ওচৰলৈকে আহিলোঁ। বুজাব নোৱাৰা অনুভূতিয়ে মনটো হেন্দোলিত কৰি ৰাখিছে। ৰঙা শাৰী এখন মেৰিয়াই ললোঁ। সেন্দুৰ এজেবা শিৰত বোলাই ল’লোঁ। অলপ সেন্দূৰ ছিটিকি আহি নাকে-মুখে পৰিল। নিজকে বৰ ধুনীয়া ন-কইনাজনীৰ দৰে লাগিল। দাপোণখনলৈ দুনাই মূৰ তুলি চাবলৈ লাজ লাগিল। বেগত বস্তুবোৰ ভৰাই লৰালৰিকৈ তললৈ নামি আহিলোঁ। ইকবালে মোৰেই অপেক্ষাত ৰৈ আছিল। ইমান দেৰি কিয় কৰিলোঁ বুলি সুধিব খুজিও সি বিস্মিত নয়নেৰে মোলৈ চাই ৰ’ল -“লুকিং ডিফাৰেন্ট য়াৰ.... ৰাতি খুব ভাল টোপনি হৈছিল যেন পাইছোঁ। মই হাঁহি এটাৰে প্ৰত্যুত্তৰ দিলোঁ।

  ব্ৰেকফাষ্ট কৰি ল’জৰ পৰা বিদায় ল’লোঁ। ডিব্ৰুগড়মুখী যাত্ৰা আৰম্ভ হৈ গ’ল। ইকবালে ষ্টিয়েৰিত হাত থৈছে। মই কাষৰ ছিটত বহি ল’লোঁ। মনটো পখিলা হৈ উৰিছে, ৰ’দ হৈ ফুলিছে, বৰষুণ হৈ নাচিছে। বতাহত সুবাস, উশাহত কবিতা। কাণত বাজি আছে যোৱা ৰাতিৰ গান। সপোন সপোন লগা নিশাটিৰ আঁচলত ধৰিয়েই আৰম্ভ হ’ব মোৰ অনন্ত যাত্ৰা। তোমাৰ কাগজ টুকুৰা উলিয়াই ল’লোঁ। টেবলেট এটা খাই ল’বলৈ কৈছিলা। নাখাওঁ নাখাওঁ... কিয় খাম? মই তোমাৰ সকলো কথা কিয় শুনিম? নৈৰ দৰে বৈ যাবলৈ দিম সকলোবোৰ। যিফালেই বৈ যাব সেইফালেই ভাঁজ লম মই। নাখাওঁ টেবলেট.... শুনিছানে নৈঋত, নাখাওঁ টেবলেট। সিমানখিনি প্ৰত্যাহ্বান