পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আবদ্ধ মোৰ ভালপোৱা। নুবুজিবা তুমি নৈঋত, বুজিব পৰাকৈ তোমাৰ সিমানখিনি অনুভৱী চেতনাৰ অভাৱ।

 বৰ অকলশৰীয়া মই। বৰ আশাহত। বৰ অপমানিত মই। সপোন দেখাৰ বাদে একোৱেই কৰিব নোৱাৰোঁ। বাৰিষাৰ নৈখনৰ দৰে বাঢ়ি অহা যন্ত্ৰণাৰ নাম প্ৰেম কেনেকৈ দিয়া যায় নৈঋত? প্ৰতিশ্ৰুতি আৰু সহানুভুতি নোহোৱা অনুভৱক জানো প্ৰেম বুলিব পাৰি? বিষালি সময় আৰু কঁইটীয়া মঞ্চত কোন স’তে কৰোঁ জীৱনক উদযাপন? মৰি মৰি জীৱলৈ নিবিচৰা কাৰণেই শব্দবোৰ জাপি জাপি তাৰ ভাঁজে ভাঁজে লুকুৱাইছিলোঁ চকুপানীবোৰ। আজিৰে পৰা মোৰ ওভতনি যাত্ৰা......কষ্টকৰ ওভতনি যাত্ৰা....সেই পাঁচ বছৰৰ আগৰ মই’জনীলৈ ...। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ভটিয়াই যোৱাৰ জেদ এটাত আবদ্ধ হৈ পৰিছোঁ লাহে লাহে.........।

-তোমাৰ ছায়া

□□

(২৮)

নৈঋত তোমালৈ বুলি...

 বিকাশ ছাৰে অলপ টানকৈয়ে কৈছে। ইমান ডাঙৰ কাম এটা হাতত লৈ হেনো সময় দিব নোৱাৰাটো মূৰ্খামি হৈছে। ইকবালকো যেন কেতিয়াও নেদেখা ৰূপতহে দেখিছোঁ। দাঢ়ি ভাবোকাৰ মাজৰ মুখখনৰ সপ্ৰতিভতা বহুখিনি ম্লান হৈছে। কিবা সমস্যা হৈছে নেকি বাৰু তাৰ? সুধিলোঁ তাক। প্ৰশ্নটো এৰাই চলি সিও আন কথাত ব্যস্ত হৈ পৰিল। মই ক’ৰবাত গৈছিলোঁ নেকি? ক’ত ব্যস্ত হৈ আছোঁ? অফিচৰ ৱৰ্কলোড বাঢ়িছে নেকি? টুৰত গৈছিলোঁ নেকি?... ইত্যাদি ইত্যাদি।

 গজলৰ কামবোৰ আগবাঢ়িছে অলপ অলপকৈ। সেই ইউনিভাৰচিটিতে শেষবাৰৰ বাবে গান গাইছিলোঁ। কিমানদিন যে গানৰ প্ৰেকটিছ নাই। বৰ কষ্ট হৈছে মোৰ। ৰাগবোৰ টানিবলৈকে ভালকৈ পৰা নাছিলোঁ। ইকবালে চাই থাকে। ভালকৈ গাব নোৱাৰিলে মুখত বিন্দু বিন্দু ঘামৰ কণা জিলিকি উঠে। বিকাশ ছাৰ কঠোৰ। তেওঁ বিচৰামতে গাবই লাগিব। নহ’লে হেনো ভাল কথাবোৰো, ভাল শব্দবোৰো ফুটি নুঠিব। শব্দৰ কথা ক’লেই তোমালৈ মনত পৰে। তুমি অপমান কৰি যোৱাৰ পাছতো শব্দলৈ মোৰ ইমান মোহ। তোমাতকৈও যেন শব্দৰ প্ৰেমতহে বন্দী মই। কেতিয়াবা ওলাই নহালৈকে শব্দবোৰে মোক শুবলৈ নিদিয়ে। ওলাই আহিও ৰক্ষা নিদিয়ে, কলমৰূপী ব্ৰাচেৰে নীলা এসোপামান সানি দিলেহে ৰক্ষা।

 এটা কথাত অলপ ভাল লাগিছিল। ইকবালো মোৰ শব্দৰ প্ৰেমত বন্দী। কৈ উঠে প্ৰায়েই ’আপোনাৰ কবিতা পঢ়িলে আপোনাৰ প্ৰেমত পৰি যাব বহুজন’। হোহোৱাই হাঁহি দিয়ে তাৰ পাছত। ৰহস্যময় মানুহটোৰ জীৱনমুখী আদব-কায়দাবোৰে মোক প্ৰায়েই বিপাঙত পেলায়। কেৰিয়াৰ চেণ্টাৰত প্ৰতি দেওবাৰে নগ’লেই নহয়। বাৰে বাৰে খবৰ লৈ থাকিব সি—

 ‘আপোনাৰ পৰামৰ্শ ল’বলৈ ল’ৰা-ছোৱালী আহি ৰৈ আছে’।

 মই যেন কেৰিয়াৰ কনছালটেন্টহে। নিজৰে কেৰিয়াৰৰ কথা চিন্তা নকৰি জীৱনৰ নিচাত আসক্ত হৈ পৰিলোঁ। তথাপি মোক সি বহুৱাই ৰাখে সেই চকীখনত।

 ‘অন্ততঃ দেওবাৰে আহক, দুঘণ্টাৰ কাৰণে আহক। মত বিনিময় কৰক ল’ৰা-ছোৱালীৰ স’তে’– আচৰিত লাগে মোৰ। বুজি নাপাওঁ, কিহৰ তাড়নাত তাৰ দৰে ইঞ্জিনিয়াৰ এজনে এইবিলাক কামত আগ্ৰহী হ’ল। আৰু আচৰিত হৈছিলোঁ সেইদিনা, যিদিনা শুনিছিলোঁ সৰুতে মাক-দেউতাকক হেৰুওৱা ইকবালে কোনোৱা সদাশয়