পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘কি?’– শুনিবলৈ প্ৰস্তুত নথকা কথাটোত যেন প্ৰসৱ বেদনাহে আৰম্ভ হ'ল। কেঁকনিত ছটফটাই উঠিলোঁ মই। নােৱাৰিলোঁ, আৰু একো ভাবিব নােৱাৰিলোঁ। চকী এখনত বহি পৰিলোঁ। চকু দুটা মুদি দিলোঁ। কিমান দেৰি তেনেকৈ বহি ৰ'লোঁ নাজানিলোঁ।

 আণ্টীয়ে আহি মাতিলেহি মােক—‘মাজনী, ভাগৰ লাগিছে নহয়। ইমান দূৰৰ পৰা অকলে আহিছা। আহা খাই ল’বাহি।

 যন্ত্রৰ দৰে অনুসৰণ কৰিলোঁ। কি বা খালোঁ? নাজানাে কি খালোঁ। শেষ হৈ যােৱা সম্পর্কৰ জৰীডাল ধৰি ধৰি মই মন্দিৰ বগাইছিলোঁ, মছজিদ বগাইছিলোঁ, লাহে লাহে জৰীডাল দুখৰ ভৰ ল'ব নােৱাৰি ছিগি গৈছিল। কেতিয়াকৈ যে তুমি আহি গাঁঠি এটা দি গলা, গমেই নাপালোঁ।

 তেতিয়ালৈকে মেঘালীক মােমায়েকে দাঙি আনি হােমথলীত বহুৱাইছিল। দুয়ােজনৰ মাজত লগুণ গাঁঠি দি পুৰােহিতে দৰা-কইনাৰ মাজত কিবা মন্ত্র মাতি কাপােৰ আঁৰি দিছিল। পুৰােহিতৰ বৈদিক মন্ত্র, উৰুলি, জাউৰিয়ে জাউৰিয়ে গােৱা বিয়ানামৰ পৰিবেশলৈ ঘূৰি আহিলোঁ। কইনাৰ ওচৰত বহিলোঁ। মেঘালীৰ মােমায়েকে আমপাতেৰে দৰা-কইনালৈ পানী ছটিয়াই আছে। ভায়েকে ডলাখনৰ পৰা আখৈ এমুঠি তুলি দিছে কইনাৰ হাতলৈ, দৰাই গৰুৰ ঘিঁ এহেতা লগাই দিছে। তাৰ পাছত আখৈ মুঠি হােমৰ জুইলৈ আহুতি দিয়া পর্ব। নিয়মৰ পৱিত্ৰতাৰে মনটো ভৰি পৰিল।

 কন্যাদানৰ পাছত আঙুঠি সলােৱা পর্বত মেঘালীৰ ওচৰত বহি থাকোঁতে আকৌ মেঘালীয়ে উলিয়ালে সেই কথা— ‘নহ'লে তইয়ে ফোন কৰিবি ছাৰক, তেওঁক বৰ চিন্তাক্লিষ্ট যেন লাগিছে।’ কওঁ-নকওঁকৈ তাইৰ মাত, শুনা- নুশুনাকৈ মই। কি কৰোঁ নৈঋত? কি কৰোঁ মই? এই জীৱন মােৰ অভ্যস্ত হৈ পৰিছে, এই বিষাদ এতিয়া মােৰ প্রিয়। মােৰ প্রিয় মােৰ দাপােণখন, মােৰ প্রিয় মােৰ কলমটো। তুমি কিয় মােলৈ ফোন কৰিম বুলি কৈছা নৈঋত? মনত পৰিল, মেঘালীৰ বিয়া মাতিবলৈ যােৱাৰ দিনা যে মই তােমাক তীব্র ভৎর্সনাৰে এৰি আহিছিলোঁ। এতিয়া আকৌ ঘূৰি যামনে এৰি অহা সেই বাটলৈ, যি বাটৰ মূৰত সদায় বহে হিয়া বেচা-কিনাৰ হাট?

 ইতিমধ্যে দৰাৰ জলপান খােৱা পর্ব শেষ হৈছে। মেঘালীৰ যাবৰ হ’ল। দৰাৰ গাড়ীত উঠি এই ঘৰ এৰি, এই ঘৰৰ স'তে তাইৰ ছােৱালী মনটো এৰি তাই যাবগৈ। কাইলৈৰ পৰা তাই নতুন এঘৰৰ বােৱাৰী হ'বগৈ। ছােৱালী যে আৰু কোনােদিনেই নহ'ব। এই দিনটোলৈকে ছােৱালীবােৰৰ কিমান যে হেঁপাহ!

 ৰাতি তেতিয়া দুই বাজিল। ঘূৰি যােৱা উচিত। ৰাতিপুৱাই অফিচ আছে। গাড়ীত উঠিলোঁ। গােলাম আলিৰ প্রিয় গজলৰ স'তে—

  ‘যে দিল য়ে পাগল দিল মেৰা,
  কিউ বুঝ গয়া আৱাৰগী’.........

 কি কৰিম মই? তােমাৰ লগত কথা পাতিম নে মই?

  ‘কল ৰাত মুঝে বেচকল কি
  আৱাজ নে মুঝে চৌকা দিয়া......

 কি ক'ব বিচাৰিছা বাৰু তুমি নৈঋত? মই কি প্রতিক্রিয়া দিয়া উচিত? ক্ষমা খুজিম নেকি সেইদিনা সন্ধ্যাৰ কাৰণে?.......... কিন্তু তাৰ আগত এবছৰ যে তুমি মােক আলকাতৰাৰ জুইত জ্বলাই আছিল, ক’লা ধোঁৱাৰ মাজৰ জুইত। হােমৰ জুইৰ দৰেতাে নির্মল জুই নাছিল সেয়া।

 ‘এক অজনবী ঝ’কে নে জব পুছা মেৰে গম কা সৱাব,
 চেহেৰা কি ভীগি ৰীত পৰ মেইনে লিখা আৱাৰগী.....

 তুমি ছিগি দিয়া ৰচীডালত মই গাঁঠি দিওঁ, মই ছিঙি দিয়া ৰচীডালত তুমি গাঁঠি মাৰি যােৱা, গম নােপােৱাকৈয়ে। এৰ খাই নােযােৱাকৈ।

 ‘ইচ দস্ত মে এক চেহেৰ থা,
 ওৱ কিয়া হােৱা আৱাৰগী’......

 এতিয়াও বুজি নাপাওঁ মই, মনটিয়ে কি বিচাৰে মােৰ। নিয়ম ভঙাৰ নিয়মলৈ বাৰে বাৰে আকুল আহ্বান